সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৩
অদ্ভুত ৰামায়ণ।


সত্য কৰি কহোঁ‌ মাৱ তোমাৰ আগত।
জীবোঁ‌ বা মৰিবো আজি নিশ্চয় মনত॥
হেন শুনি লব কুশে বুলিলা বচন।
আমাৰো নিশ্চয় শুনা পবন নন্দন॥৫৮১
ৰাঘৱৰ প্ৰিয় নাহি তোমাত অপৰ।
আত্মাতো অধিক মানি আছে ৰঘুবৰ॥
তুমি দেখো প্ৰতিজ্ঞা কৰিয়া আছা বড়।
আবে জানো অনৰ্থ ঘটিবে বহুতৰ॥৫৮২
সীতা গোঁ‌সানীকো জানো নিবে নপাৰিবা।
প্ৰতিজ্ঞাত থাকি জানো তুমিয়ো মৰিবা॥
তোমাৰ মৰণ শুনিবেক ৰঘুবীৰ।
অবশ্যে মৰিবে আত দৈব্যে বাধা নায়॥ ৫৮৩
মাতৃও মৰিবে শুনি ৰামৰ মৰণ।
আমাৰ জীবনে তেবে কোন প্ৰয়োজন॥
তোমাৰ লগতে অগনিত ঝাঁ‌প কৰি।
সবে এক স্থান হৈবো যমৰ নগৰী॥৫৮৪
জানকী বোলন্ত মোৰ এ মন্দ কপালে।
কুবৃত্ত বিধিয়ে জানো লিখিল কপালে॥
দুঃথৰ উপৰে দুঃখ আবাৰ মিলিল।
বিশিষ্ট জনাৰ পৰা অনৰ্থ ঘটিল॥৫৮৫