সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
অদ্ভুত ৰামায়ণ।

যেহি কি নোহোক- তাত নাহি প্ৰয়োজন।
বিষেশ প্ৰাৰ্থনা মোৰ কৰিয়ো শ্ৰবণ॥
পুৰ্ব্বে বৰ দিষা আছা সবাৰে আগত।
সিদ্ধি হৈবে লাগি মোৰ ষেহি অভিমত॥৫৭৬
মোৰ বাঞ্ছা সিদ্ধি যদি কৰিতে লাগয়।
পুত্ৰ সমে চলা তেবে ৰামৰ আলয়॥
যদি মোক প্ৰতি দয়া ছাড়িলা এখন।
তেবেতো জীবন ময় ধৰো অকাৰণ॥ ৫৭৭
মাৰ্কতিয়ে আনিবেক জানকী গোসাঁনী।
হেন ৰঙ্গ মনে প্ৰজা আজে সভা চানি॥
আবে যদি যাওঁ মই কুমাৰক ল’ই।
ৰামৰ সভাত তেবে কি কৰিবোঁ‌ গাই॥ ৫৭৮
নৰ নাৰী মোহেকি হাসিবে মুখ চাই।
আমাৰ মাজত ফুৰে মুনিস বোলাই॥
গৰ্ব্ব ভাঙ্গিলেক জানো নাগগণে পাই।
কুমৰকো জানো আনিয়াছে পলুৱাই॥৫৭৯
জানকীৰ আক লাগি কিছু দয়া নাই।
নুহি কিয় মানিলেক গোঁ‌সানিক পাই॥
ইতো দুৰ্ষশত কৰি মৰণেসে ভাল।
মাতৃ হুয়া তুলিয়ো মোহোৰ ভৈলা কাল॥৫৮০