সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
অদ্ভুত ৰামায়ণ।

অন্তৰ্য্যামী ৰূপে আছে ব্যাপিয়া জগত।
তাঙ্কে শক্ৰ মিত্ৰ আদি বোলে নানামত॥
আৰ হাতে তাঙ্ক তাৰ হাতে আঙ্ক মাৰে।
এতেকেসে তাঙ্ক কেহো চিনিতে নপাৰে॥৫৬১
সবেও সবাৰ কাল জানিবা নিশ্চয়।
অন্তৰ্য্যামী কালেসে সবাকে চলাৱয়॥
এতেকেসে কাল বুলি জানিবা জগত।
কালৰ স্বৰূপ কোনে কহিবে শকত॥৫৬২
নাহি আদি অন্ত মধ্য অচিন্ত্য শকতি।
কাৰো শক্ৰ মিত্ৰ নহে ভকতৰ গতি॥
অন্তকৰো অন্তক সবাৰো নষ্ট হেতু।
ভকতৰ প্ৰিয় অভক্তৰ ধুমকেতু॥৫৬৩
যি কালত অধৰ্ম্মৰ হোৱয় উদয়।
দুৰ্জন সকলে বেদ পথ নিৰোধয়॥
সিকালত কালে প্ৰকটিত কৰে কায়া।
নানা লীলা তনু ধৰে বিস্তাৰিয়া মায়া॥৫৬৪
ইদানিকো কালে আছে অবতাৰ ধৰি।
জগতকে মোহি আছে নৰ নাট্য কৰি॥
যাহাক শ্ৰীৰাম বুলি জগতে কহয়।
তেহেসে কালৰো কাল জানিবা নিশ্চয়॥৫৬৫