পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
অদ্ভুত ৰামায়ণ।


মোক দেখিবাক তোৰ উত্ৰাৱল মন।
ছিদ্ৰ পাইলি আবে লব কুশৰ কাৰণ॥
তোকো দেখিবাক মোৰ বড় হাবিয়াশ।
তথাপি আনিতে তোক নপাওঁ ময় সাস॥৫৫১
আপুনি আসিয়া তয় আছ মোৰ ঠাই।
তোহোতেসে ভয়ে ময় আছিলো লুকাই॥
আত্মাঘাত কৰিবাক কৰস উদ্যোগ।
ইতো কৰ্ম্ম বাপু তোৰ নুহিকয় যোগ্য॥৫৫২
শৰীৰেসে আদি ভক্তি মুক্তি সাধিবাৰ।
শৰীৰত বিনে শ্ৰেষ্ঠ নাহিকয় আৰ॥
পুত্ৰ ভাৰ্য্যা আদি মিত্ৰ বান্ধব যতেক।
শৰীৰৰ অৰ্থে প্ৰিয় হুয়াছে প্ৰত্যেক॥৫৫৩
স্বৰ্গাদি সুখক জীবে যাৰ পদে পাই।
যাত কৰি ইট আৰ বিচাৰি নপাই॥
হেন আত্মাঘাত কৰে যিতো দুৰাচাৰ।
অধৰ্ম্ম কৰিতে কিছু নথাকিল তাৰ॥৫৫৪
সেহি শৰীৰক যিতো ৰাখে মহা শিষ্ট।
ধৰ্ম্ম সাধিবাক আৰ নৰৈল বিশিষ্ট॥
মোক অযোধ্যাক নিতে বাঞ্ছা কৰ তয়।
সাশতিক ইচ্ছা সিদ্ধি কাহাৰ আছয়॥৫৫৫