সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
অদ্ভুত ৰামায়ণ।

মাৰুতিৰ নিষ্ঠ ভাব গোৰ্সাঁনী দেখিল।
আথবেথ কৰি সিংহাসনৰ নামিল॥
পুলকিত অঙ্গ নেত্ৰে লোতক ঝৰিল।
ৰহ ৰহ বুলি আগ ভেটিয়া বহিল॥ ৫৪৬
নকৰিয়ো অগ্নি ঝাস পবন কুমাৰ।
হেন কৰ্ম্ম যোগ্য বাপু নহয় তোমাৰ॥
যি কাৰণে চিনা মই নিদিলোঁ তোমাক।
স্বৰূপ কৰিয়া কহোঁ শুনা আবে তাক॥৫৪৭
তোৰ সম উপকাৰী প্ৰিয় মোৰ নাই।
নপাওঁ অন্ত যত তোৰ গুণক বৰ্ণাই॥
তই আপদৰ বন্ধু দুঃখৰ সহাই।
তোৰ গুণ আছে মোৰ হিয়াত সোমাই॥৫৪৮
তোৰ উপকাৰে ঋণী হুয়া আছো ময়।
তেবে শুদ্ধ হও যেবে ক্ষমাকৰ তয়॥
লবতো কুশতো কৰি দয়াৰ ভাজন।
কহিবে নলাগে তাক জানে সৰ্ব্বজন॥৫৪৯
নিতে নিতে আশীৰ্ব্বাদ দিয়া থাকো ময়।
অঞ্জনাতোধিক মোক মানি আছ তয়॥
যৈসানি আসিলো ময় ইথানক লাই।
জানো তদবধি তোৰ সুখ শান্ত নাই॥ ৫৫০