পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
অদ্ভুত ৰামায়ণ।

এহি চিন্তি সতী ব্যাকুলিত মতি
ৰহিলা মৌন ধৰিয়া।
হনুমন্ত বীৰে চিন্তিবে লাগিল
চিত্তক দৃঢ় কৰিয়া॥৫৪৩
যদি গোসানীক দেখা নাহি পাওঁ
কি লাগি জীবাক লাগে।
গোসানীসে মাত্ৰ আনন্দ লভোক
মৰিবো তাহান আগে॥
এহি বুলি বীৰে কাষ্ঠচয় আনি
বহল চিতা নিৰ্ম্মিল।
জ্বলিল অগণি চিতাখান চানি
আকাশ ব্যাপি উঠিল॥৫৪৪
দেবী সকলক নমস্কাৰ কৰি
মাৰুতি বোলয় বাক।
জন্মে জন্মে সাধো ৰামৰ সীতাৰ
কিঙ্কৰ ময় হৈব্যক॥
সীতা গোসাঁনীত এহি মাত্ৰ সাধো
নমাগোহোঁ আন কাম।
কহে ৰঘুনাথে নিৰন্তৰে নৰে
ডাকি বোলা ৰাম ৰাম॥৫৪৫