সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
অদ্ভুত ৰামায়ণ।

আৰু যত দুঃখ লঙ্কাত পাইলোঁহোঁ
তোমাত সবে বিদিত।
হেন সেৱকক বঞ্চিতে কি মাৱ
তোমাৰ হোৱে উচিত
যদি তথাপিতো চিনা নেদা মোক
বোলো দৃঢ় কৰি হিয়া।
তোমাৰ আগ  সত্যে মৰিবোহো
অগণি ঝাস কৰিয়া॥৫৪১
মাৰুতিৰ বাক্য শুনিয়া দেবীৰ
সিহৰিল সৰ্ব্ব গাৱ।
মনে বোলে তাঙ্ক পুত্ৰ বুলি আছো
তাৰো মোত মাতৃ ভাব॥
ব্ৰহ্মাণ্ড মধ্যত একান্ত ভকত
ৰামৰ আউৰ নাই।
স্নেহৰ ভাজন দুঃখৰ তাৰণ
মোৰো নাহি আন ঠাই॥৫৫২
চিনা দিলে যদি আক্ৰোশ কৰয়
মোহোক নিবাক প্ৰতি।
বুলি আছো বাক তেবে নজাইবাক
উপায় নাহি সম্প্ৰতি॥