পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২
অদ্ভুত ৰামায়ণ।

মলয় পবন, শৰীৰত লাগে,
বিষ যেন মানে তাক।
মলয় চন্দন, বহ্নিত স্ফুলিঙ্গ,
সম কৰি দহে গাক॥
মালতীৰ মালা, গাৱত লাগিলে,
সূচী সম লাগে গাই।
শীতল জলক, সিঞ্চন্তে গাৱক,
দহে অগনিৰ প্ৰাই॥৫৩৬
ৰামৰ বৃত্তান্ত, কহন্তে কান্দন্ত,
পড়িয়া বায়ু কুমাৰ।
এক দৃষ্টি কৰি, নাগিনী যোগিনী,
সবে কৰে হাহাঁ কাৰ॥
গদ গদ বাণী, পুনু হনুমন্ত,
বোলন্ত বিনয় বাক।
তোমাক খুজিতে, ৰাঘৱে যৈসানী,
পঠাই দিল আমাক॥৫৩৭
সাগৰ তৰন্তে লঙ্কাক চলন্তে
যতেক দুঃখ লভিলো।
তোমাত গৌৰবে সি সব দুঃখক
কিছু মান নগাণলো॥