সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
অদ্ভুত ৰামায়ণ।

মহা পতিব্ৰতা, স্বামীত ভকতা,
দেখি আছো ঠাই ঠাই।
সিসব নাৰীয়ে, অন্যো অন্যে মিলি,
তোমাৰ যশক গাই॥৫৩৩
ৰাজ্য ভোগ চাড়ি, শ্ৰীৰামৰ সঙ্গে,
অৰণ্যে দুঃখ ভূঞ্জিলা॥
আপোনাৰ দুঃখ, নকৰি বিচাৰ,
ৰামকে মাত্ৰ সেবিলা॥
অভিন্ন স্বৰূপে, ৰাঘবে তোমাক,
মনত কৰিলা সাৰ।
প্ৰিয়াৰ বিচ্ছেদ, ভয়ত ৰাঘবে,
গলত নাড়িলে হাৰ॥৫৩৪
যেখানে ৰাৱণে, হৰিল তোমাক,
কহোঁ মাৱ সত্যবাক।
জল অনলক, নজানিল ৰাম,
পাসৰিল আপোনাক॥
চন্দ্ৰৰ কিৰণ, দিবাকৰ বোলে,
লক্ষাণকো নজানিলা।
সিবেলা ৰামৰ, বৃত্তান্ত দেখিয়া,
হেন নাহি নকান্দিলা॥৫৩৫