পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
অদ্ভুত ৰামায়ণ।

তোৰা দুই জন, মাতৃক এখন,
পৰিচয় কৰায়োক।
ধৰো চৰণত, মোহোৰ সপত,
অনুগ্ৰহ কৰা মোক॥
লৱ কুশে বোলে, অমি এত কালে,
হেন দেবী নেদেখিলো।
বঞ্চিতে আমাক, পাতিছে মায়াক,
নিশ্চয়ে আক জানিলো॥৫৩১
মাৰুতি বোলয়, এহি সত্য হয়,
ভাণ্ডিছে আমাক দেবী।
তাসম্বাৰ মাঝে, গোঁসানীক পাইবোঁ,
যেবে তাঙ্ক আছো সেবি॥
এহিবুলি বীৰ, একহি দেবীৰ,
আগত মিলিল যাই।
নমস্কাৰ কৰি, বোলন্ত সাদৰি,
দেবীৰ ভিতিক চাই॥৫৩২
নমো ভগৱতী, ৰাঘৱৰ সতী,
জনক নন্দিনী আই।
তোমাৰ সমান, দয়াবতী আন,
ইতিনি লোকত নাই॥