এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অত ৰামায়ণ ।
দুলড়ি.
পাছে বহুমতী মাৰুতি সহিত,
কৰি হেন সম্ভাষণ ।
বিদ্যাবিলাসিনী, পুৰত তখনি,
ভৈলা যাই উপসন্ন ।
হনুমন্ত আইল, সবে বাৰ্ত্তা পাইল,
ভয়ে ভৈল কল্পমান ।
মাৰিবে শঙ্কাই, গৈলেক পলাই,
পাইলা গোসানীৰ স্থান । ৫১৪
শুনা বোলো আই, মিলিল অপাই,
যিতো বীৰ হনুমান ।
যত বীৰ মান, কৰিয়া নিৰ্য্যiণ,
আসি আছে ইতো স্থান।
আমাক মাৰিব, তোমাসাকো নিব,
হেনয় চিন্তিয়া আছে।
ৰক্ষাৰ উপাই, চিন্তিয়োক আই
সুহি কি কৰিবা পাছে। ৫১৫