পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১২২
অদ্ভুত ৰামায়ণ।

দুৰ্জনৰ বাণী সত্য মানি আছে যাৰা।
আমাৰ বচন কিবা মানিবেক তাৰা॥৫০৯
অনাদি ঈশ্বৰ ৰাম আত্মা সবাকাৰ।
তাঙ্ক ভাণ্ডিবাৰ শক্তি আছয় কাহাৰ॥
কাৰণেসে মৰ্ত্ত্য লিঙ্গ ধৰিছে প্ৰকটে।
তান ইচ্ছা বিনেজানা কিছুৱে নঘটে॥৫১০
নজানিসে বোলা আন জনৰ দোষক।
জানি শান্ত হোৱা বাপু তেজিয়া ৰোষক॥
শুনা সৰ্ব্বজনে ৰাম চৰিত্ৰ বিশেষ।
ইহাৰ শ্ৰবণে হৰে দুৰিত নিঃশেষ॥৫১১
কলি দোষ শোষক মোষক পাপ দাম।
দুস্তৰ তৰণী যাৰ ৰাম হেন নাম॥
বোলন্তেৱো শ্ৰম নাহি কৰ্ণৰো অমৃত।
স্মৰণ মাত্ৰকে তবে ভব জলধিত॥৫১২
লভে চাৰি পুৰুষাৰ্থ কুলকো উদ্ধৰি।
নাহিকে সংশয় দেখা শাস্ত্ৰত বিচাৰি॥
কলিযুগে নাহি গতি বিনা ৰাম নাম।
কহে ৰঘুনাথে বেঢ়ি বোলা ৰাম ৰাম॥৫১৩