পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
অদ্ভুত ৰামায়্ণ।

সকলো প্ৰাণীয়ে মানিবেক তব বাক।
নমানিয়া দুৰ্জ্জনে কৰিবে কিবা কাক॥৫০৪
আকাশ চানিয়া হোৱে নক্ষত্ৰ উদয়।
এক এক চন্দ্ৰৰ প্ৰকাশ তুল্য নয়॥
এক কোকিলৰ স্বৰ সমস্ত শুনয়।
অনেক ভেকৰ ৰাৱ কোনে আদৰয়॥৫০৫
যদ্যপি ৰটিয়া ফুৰে বহুতৰ কাক।
এক ময়ুৰৰ নাদে জীনয় সবাক॥
মূঢ় সবে বোলে নানা বচন চাতুৰী।
কোন সাধু লোক আছে তাহাক আদৰি॥৫০৬
দুৰ্জনৰ বাক্যত নাহিকে কিছু ফল।
বানৰৰ মুখে কিবা ভাগে নাৰীকল॥
শৰতৰ মেঘ যেন গৰ্জ্জনেসে মাত্ৰ।
বৰষাৰ ঠানে নহে ধৰষিবে পাত্ৰ॥৫০৭
দুৰ্জনৰ বচন জানিবা সেহি প্ৰায়।
দৌলত ভৰ্চ্ছিলে কাকে কিবা নষ্ট যায়॥
হাসি বসুমতী বোলে কি বুলিলি তয়।
দুৰ্জনৰ বাক্য যেবে সজ্জনে নলয়॥৫০৮
ৰামক নুবুলি সন্ত বুলিবাহা কাক।
দুৰ্জনৰ বাক্যে কেনে তেজিলা সীতাক॥
 (১১)