পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১১৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
অদ্ভুত ৰামায়ণ।

চপৰা চপৰে আজি তোহোক খসাই।
সাগৰৰ জলে তোক পেলাইবো ভসাই॥৪৭৯
ৰাঘবৰ পুত্ৰ ভাৰ্য্যা থৈয়াছ লুকাই।
দুৱাৰ মাৰিয়া মোকো থৈলি বাহিৰায়॥
নতু ান ত্ৰৈলোক্য বিজয় হনুমন্ত।
দেখ আজি ধৰণী নামৰ কৰো অন্ত ৪৮০
নুহি ভালে ভালে দেহ পথ মুকলাই।
নুহি বজ্ৰ নখে হানি পেলাইবো খসাই॥
দোষৰ উদাস ভৈলো কহিলোহো সাৰ।
যদি পথ নেদ পাষণ্ডীৰ চিন্তো মাৰ॥ ৪৮১
শুনি পৃথিবীৰ ভয়ে হৃদয় কম্পিল।
আথে বেথে গৈয়া গোসানাত জান দিল॥
শুনা আই কথা বড় ভৈল আথান্তৰ।
দ্বাৰ মুখে ৰহিয়াছে পবন কুমাৰ।৪৮২
নাগ বীৰগণ মৰ্দ্দি কৰিলেক ছন্ন।
মোকো মাৰিবাক লাগি তাহাৰ যতন॥
সত্য কৰি আছে সিতো সবাক শুনাই।
দুৱাৰ নিদিলে মোক পেলাইবে খঁসাই॥৪৮৩
কি বুদ্ধি কৰিবো আবে কহিয়োক আই।
বুলিলন্ত ব্ৰতেশ্বৰী পৃথিবীক চাই॥