পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১১৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
অদ্ভুত ৰামায়ণ।

মনুষ্যৰ ভাব দৰশায়া ৰঘুপতি।
কৰিলা কলহ লীলা জানকী সঙ্গতী॥৪৭৪
শান্ত ভৈলে কন্দলক ভাঙ্গিতে লাগয়
কেনে দুৰাচাৰী এথা আনিয়া অচৈয়॥
কৃপাময় প্ৰভু ৰাম জগতৰ পতি।
নকৰিয়া ক্ৰোধ ক্ষমি আছন্ত সম্প্ৰতি॥৪৭৫
ক্ষমিবাৰ দেখি দুৰাচাৰী পাইলি লাই।
ছলে লৱ কুশকো আনিলি পলুৱাই॥
সজ্জনৰ ইকি ধৰ্ম্ম হোৱয় উচিত।
উপায় চিন্তিয়া আছ ৰামকো মৰিত॥৪৭৬
জগতৰ আত্মা ৰাম তান দ্ৰোহ কৰি।
ব্ৰহ্মাণ্ডৰ দ্ৰোহক চিন্তিলি বসুন্ধৰী॥
সুমিত্ৰ বঞ্চক এই ক্ৰুৰমতী ৰণ্ডী।
দিবো প্ৰতিফল আজি ধৰা নাম খণ্ডি॥ ৪৭৭
যেন আন জনে নকৰৱ হেন কৰ্ম্ম।
সেহি মতে শিখাইবাক হোৱে মোৰ ধৰ্ম্ম॥
এহিতে শিকিয়া আছে দুটা নাৰী চয়।
অপথে প্ৰবৰ্ত্তে ধৰ্ম্মাধৰ্ম্ম নাচাৰয়॥৪৭৮
এহি ভাল ভৈলেতো জগতে হৈব ভাল।
আহি জান মাৰুতি তোহোৰ হৈবো কাল॥