পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১১৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
অদ্ভুত ৰামায়ণ।


মাৰুতিক লাগি ভয় নকৰা মনত।
তোমাক দেখিলে মাত্ৰ হৈব অবনত॥৪৬৯
লৱৰ কুশৰ বাক্যে হুয়া ভয় হীন।
অসুখে ৰহিলা দেবী বদন মলিন॥
মাৰুতিৰ ঘোৰ নাদ শুনি নাগ সৰ্প।
দশো দিশে পলাই গৈল হৰিলেক দৰ্প॥ ৪৭৩
পাছে মাৰুতিয় দ্বাৰ সমীপক যাই।
দেখিলন্ত তথাত জনেকো প্ৰাণী নাই॥
গৰ্জ্জিবে লাগিলা দুৱাৰৰ ভিতি চাই।
সবেদেৱ সাক্ষী হৈবা মোৰ দোষ নাই॥৪৭১
জগত ঈশ্বৰ ৰাম জগত কাৰণ।
ৰাৱণত ভয়ে প্ৰাৰ্থিলন্ত দেৱগণ॥
ভৈলা অবতাৰ আসি দশৰথ ঘৰে।
নবৰূপ ধৰি প্ৰভু কৌশল্যা উদৰে॥ ৪৭২
পিতৃ বাক্য পালি প্ৰভু বনত ভ্ৰমিলা।
মহন্তৰ হিত চিন্তি দুৰ্জন বধিলা॥
ধৰণীৰ ভাৰ হৰি ধৰ্ম্মপথ ৰাখি।
সম্প্ৰতি আছন্ত প্ৰভু জগতৰে সাক্ষী॥ ৪৭৩
স্বামীৰ ভাৰ্য্যাৰ যদি কন্দল লাগয়।
জানিবাহা যিতো চিৰকাল নৰহয়॥