সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
অদ্ভুত ৰামায়ণ।


যুথে যুথে সেনাগণ মাৰন্তেহি যাই।
দেখন্ত মাৰুতি গোটেকৰো শৱ নাই॥৩৫৯
নাগ মায়া জানি বীৰ আটাসেক দিল।
এড়ি মায়া বাসুকীয়ো ভয়ে আন্তৰিল॥
অন্তৰ্দ্ধান হুয়া নাগ আকাশক যাই।
অলক্ষিতে মাৰুতিক ধৰিল মেঢ়াই॥৪৬০
দেখন্ত মাৰুতি গাৱ গাধিৰ লাগিল।
বোলয় আৰকা নাগে মায়াসে পাতিল॥
বিষ বহ্নি সঞ্চাৰিয়া মোহোক মাৰিতে।
কৰি আছে যত্ন ইতো জানিলো নিশ্চিতে॥৪৬
পাছে যোগ সাধ্য আছৰিয়া মহাবীৰ।
বজ্ৰময় কৰিলন্ত আপোন শৰীৰ॥
হাজাৰেক মুখে নাগে কামোড় ভেজাই।
নপাৰিলে চাল ফুটাইবাক একো ঠাই॥ ৪৬২
ভাগি গৈল দন্ত সব নপান্ত উপাই।
মাৰুতিক এড়ি বীৰগৈলেক পলাই॥
হেন দেখি নাগ সৰ্পগণ নিৰন্তৰে।
লৱড়ি পলাইল গিৰি গহ্বৰ বিবৰে॥৪৬৩
যাৱত শকতি বীৰ মাৰুতি লাম্ফিল।
টল বল কৰি সবে ধৰণী লড়িল॥