সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
অদ্ভুত ৰামায়ণ।


হেনশুনি নাগ সেনা ক্ৰোধত জ্বলিল।
মাৰুতিক ধাৰাসাৰে শৰ বৰষিল॥ ৪৫৪
কাটন ফুটন শৰে আকাশ ব্যাপিল।
পুচ্ছ তুলি হনুমন্ত যুদ্ধক ঝাম্পিল॥
চক্ৰাকাৰ কৰি বীৰে লাঙ্গুল ভ্ৰমাই।
লাঞ্জৰ কোবত যত শৰ উড়ি যাই॥ ৪৫৫
নাগৰ সেনাক নাশ কৰে নিৰন্তৰ।
দেখি খলখলি হাসে পবন কুমৰ॥
পুনু পুনু প্ৰহাৰয় মহা ৰথীগণ।
হেন দেখি ঝাম্প কৰি পবন নন্দন॥
নাগসেনা সকলৰ মাঝত পৰিল।
লাঞ্জে পকাই দুই তিনি ৰথীক ধৰিল॥
অপৰ ৰথীক দলি হানি হানি মাৰে।
কতো ৰথীগণ মাৰে লাথিৰ প্ৰহাৰে॥ ৪৫৭
লাঞ্জ থিয় কৰি কতো সকলক ধাই।
বেহু ভাঙ্গি নাগসেনা বিভঙ্গে পলাই॥
কতো ৰথী সকলৰ লাঞ্জ টোপ কৰি।
মাথাত পুৰীষ কৰে বিক্ষেপ আচৰি॥৪৪৮
কতো ৰথী সকলক মহাবেগে ধাই।
বিবৰ্থনা ৰূপে মুত্ৰ কৰিয়া বুড়াই॥