পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
অদ্ভুত ৰামায়ণ।

হাতে খাণ্ডা বাৰু যাঠি গদা মুদগড়।
যুদ্ধক আক্ৰান্তে ধৰি আছে নিৰন্তৰ॥৪৪৪
হস্তী ঘোড়া আসে চড়ি কতো মহাবীৰ।
ক্ৰোধে আৰকত চক্ষু কম্পাৱয় শিৰ॥
উদ্বেল সাগৰ যেন ছাপিলেক পাশ।
ধৰ ধৰ মাৰ মাৰ পাৰয় আটাস॥৪৪৫
ধনু শৰ খড্গ চৰ্ম্ম ধৰি নিৰন্তৰ।
পদাতি সকল আসি ছাপিল ওচৰ॥
বিস্ময়ে মাৰুতি চিন্তে কৈৰ সেনাগণ।
যম সম ধাই আসে মোক কি কাৰণ॥ ৪৪৬
নুহি দেৱ দৈত্য যত ৰাক্ষসৰ বল।
গন্ধৰ্ব্ব চাৰণ নাগ নহে ইসকল॥
সাগৰ সঙ্কাস সেনা দেখি ভয় ভীত।
কাহাৰ শকতি আছে আগে হৈবে স্থিত॥ ৪৪৭
হওঁ শ্ৰীৰামৰ দাস বীৰ হনুমন্ত।
নিগুটি কৰিয়া আৰ কৰিবোহোঁ অন্ত॥
হাসিয়া মাৰুতি বোলে কৈৰ সেনাগণ।
কাহাক বিৰোধি বাণী বোলা কি কাৰণ॥৪৪৮
কিবা মোকে লাগি তোমাসাৰ ক্ৰোধ মন।
স্বৰূপ কৰিয়া মোত কহিয়ো এখন॥

( ১০ )