পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
অদ্ভুত ৰামায়ণ ।

অৰ্দ্ধচন্দ্ৰ বিপাত ব্ৰহ্মাস্ত্ৰ চন্দ্ৰহাস।
চামে চামে পড়ে গদা মদ্গড় প্ৰাস॥ ৪৩৪
ক্ষণেকে প্ৰকাশ হোৱে ক্ষণেকে আন্ধাৰ।
শৃঙ্গী নথী দংষ্ট্ৰী সব ভ্ৰমে একাকাৰ॥
ডাকিনী যোগিনী গণ বিভৎস কুবেশ।
দিগম্বৰী বেশে আউল জাউল কৰি কেশ॥ ৪৩৫
কৈৰ হনুমন্ত বুলি ফুৰয় চেঞ্চাই।
খাঁও খাঁও বুলি সবে ফুৰে বেন্ত বাই॥
গাৱৰ গন্ধত যেন প্ৰাণ যাই মৰি।
দেখিয়া মাৰুতি সুমৰন্ত ৰাম হৰি॥ ৪৩৬
মনত বোলন্ত কিনো মায়ী নাগ গোট।
ময় বিনে কোনে আৰ সহিবেক চোট॥
পাছে যোগ সাধ্য মায়া আশ্ৰয় কৰিয়া।
শ্ৰীৰামৰ পাদপদ্ম হৃদয়ে ধৰিয়া॥৪৩৭
ভৈলা সম্বৰ্ত্তক বায়ু ৰূপ তেতিক্ষণ।
বহিবে লাগিলা তাত প্ৰচণ্ড পবন॥
নাগ কৃত মায়াক নিলেক উড়ুয়াই।
ধৃতৰাষ্ট্ৰ নাগক পাইলন্ত পাছে যাই॥ ৪৩৮
যেহেন প্ৰচণ্ড চক্ৰ বাতে তৃণ পাই।
অবাধিত ৰূপে ফুৰে আকাশে ভ্ৰমাই॥