সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
অদ্ভুত ৰামায়ণ।

ঢলোপড়ো কৰি তথাপিতো আসে ধাই।
লাথি হানি মাৰুতি পেলাইলা বগড়াই॥ ৪২৯
খলখলি হসে বীৰ কৰি উপালম্ভ।
নসহিল ধৃতৰাষ্ট্ৰে মাৰুতিৰ দম্ভ॥
ত্ৰৈলোক্য বিজয় কি ে। ইতো কপি গোট।
কহাৰ পৰাণে সহিবেক আৰ চোট॥ ৪৩০
সন্মূখ সমৰে আক নাটো হেন জানি।
ভৈলা অন্তৰ্দ্ধান নাগৰাজ মহামানি॥
নাগমায় বিস্তাৰিবে লাগিলা দুৰ্ব্বাৰ।
দশোদিশ ঢাকি ভৈল ঘোৰ অন্ধকাৰ॥ ৪৩১
গগণ মণ্ডল চানি মেঘৰ আটাস।
বিষ্ঠা মুত্ৰে বৃষ্টি ভৈল প্ৰচণ্ড বতাস॥
ঘনে ঘনে বিদ্যুত সহিতে বজ্ৰ পড়ে।
নিৰন্তৰ মহী টলবল কৰি লড়ে। ৪৩২
কোটি কোটি নাগগণ তাহাতে বঝাই।
বহে বিষ বহ্নি নাকে ফুৰন্ত ফোফাই॥
কতো বৃষ্টি কৰে শৰ চয় চমৎকাৰ।
জাঠি জোঙ্গ শূল শেল শকতি কুঠাৰ॥ ৪৩৩
ত্ৰিকণ্টিক বৎস দম্ভ ভল্ল ভিণ্ডি পাল।
শতঘ্নী নৰাচ ক্ষুৰ কুট কণিয়াল॥