সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
অদ্ভুত ৰামায়ণ।


চেলেকে কোৱাৰি নাগে ক্ৰোধত ফোফাই।
মাৰুতিক কামোড় ভেজাইতে গৈল ধাই॥৪১৯
হেন দেখি মাৰুতিয়ে লাঙ্গুল বঢ়াই।
হাজাৰেক মুণ্ড তাৰ ধৰিলা মেঢ়াই॥
এড়াইবাক লাগি সিতো কৰয় আক্ৰান্ত।
পাৰে মোড়ামুড়ি নাগে উশাস নপান্ত॥৪২০
আধাৰি পকায়া তাক মাৰ্গ তল কৰি।
বসিলা উপৰে তাৰ দুই পাৱ তৰি॥
লাঙ্গুল ভ্ৰমায়া বীৰে পুনু আস্ফালিলা।
হাজাৰেক মুখে সিটো ৰুধিৰ চাদিলা॥৪২১
হাসিয়া মাৰুতি বোলে পুণ্ডৰীক ৰায়।
আপোন গৃহক যাহাঁ‌ দিলোহেঁ বিদায়॥
বানৰক যুঝিবাক বৈলক্ষ লাগয়।
শুনিলেও হাসিবেক যত নাৰী চয়॥৪২২
হেন বুলি আছ পুৰ্ব্বে সবাকে শুনাই।
গুছাইল বৈলক্ষ আবে যাহ নিজ ঠাই॥
প্ৰসংশা কৰিবে জানো আবে নাৰীগণে।
আনন্দ পাইবেক লাঙ্গুলৰ দৰশনে॥ ৪২৩
এহিবুলি তাক এড়িলন্ত হনুমন্ত।
দেখি পাছে মহাবীৰ তক্ষকে ধাইলন্ত॥