সমললৈ যাওক

পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
অদ্ভুত ৰামায়ণ


শুনিয়া মাৰুতি বোলে মোত দোষ নাই।
মৰে নাগগণ দেখো মোহোক ঝঙ্কাই॥ ৪১৪
ক্ৰোধ কৰি মাৰুতি যুঝবে সাজ ভৈল।
দেখি পুণ্ডৰাক নাগ ক্ৰোধে খেদি গৈল॥
হাজাৰক ফণা তুলি লাঙ্গুল উচ্ছাই।
ছানিলেক কোব মাৰুতিৰ গাৱে যাই॥ ৪১৫
বজ্ৰৰ সন্ধান ষেন গাৱত লাগিল।
পাছে হনুমন্তে ঘোৰ আটাসেক দিল॥
সাতো খান পাতালত খলক লাগিল।
টল বল কৰি সবে ধৰণী কম্পিল॥৪১৬
গৰ্ভিণী সবৰ গৰ্ভ খসি খসি গৈল।
বাগড়া বাগড়ি কৰি নাগগণ ৰৈল॥
মুহুৰ্ত্তেক মানে প্ৰজা ভৈল স্থিৰ ভাৱ।
প্ৰহাৰিল পুণ্ডৰীকে পুনু লাঞ্জ বাৱ॥৪১৭
লাঞ্জক লাগিয়া লাঞ্জ মাৰুতি হানিল।
বজ্ৰৰ সন্ধান যেন বজ্ৰত বাজিল॥
পুনু পুণ্ডৰীকো আসে লাঙ্গুল উচ্ছাই।
পুচ্ছুতাল হনুমন্তো গৈলা তাক ধাই॥৪১৮
ছিদ্ৰ পাই হনুমন্তে কৰিল সন্ধান।
নাগৰ ছিঙ্গিল লাজ ত্ৰিংশ হস্ত মান॥