পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
অদ্ভুত ৰামায়ণ।


আমি সবো নাগগণ ভূবন বিজয়।
নুশুনো ৰামৰ কথা শুন দুৰাশয়॥৪০৯
ঈশ্বৰ পুৰুষ যদি শ্ৰীৰাম হোৱয়।
তান ভাৰ্য্যা গোসাঁ‌নীকো জানোহে নিশ্চয়॥
কৈত আছে আমি তাক কিমতে জানিবো।
কৈৰ পৰা আমি কুমৰক আনি দিবোঁ‌॥৪১০
হেন শুনি হাসি পাছে মাৰুতি বোলয়।
তুমি সবে কুমৰক দিবে নলাগয়॥
আমিয়ো তোমাত খুজিবাক নোহে যোগ।
অকাৰণে কৰা কেনে যুদ্ধক উদ্যোগ॥ ৪১১
আপুনি বিচাৰি নিবো ৰামৰ ছৱাল।
নপাতিবা তুমি সবে ইহাত জঞ্জাল॥
পাতিলেও জঞ্জাল নথৈবো কাকো ভালে।
নিশ্চয়ে জানিবা তোমাসাক পাইলে কালে॥
হেন নাগ লক্ষ লক্ষ যদি আইনে ধাই।
পবন সুতৰ কিবা উড়ুৱাইবে ছাই॥
হেন শুনি ক্ৰোধ কৰি বে'লে নাগৰাজ।
জীবি যেবে বানৰ ইঠাইৰ হও বাঝ॥৪১৩
আমাৰ আগত কৰ ইমত বড়াই।
নুহি বিষ বায়ু ঢালি পুড়ি কৰো ছাই॥