পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
অদ্ভুত ৰামায়ণ


হিষবন্ত গিৰি যেন শৰীৰ বঢ়াইল।
আকাশক লাগি লাঞ্জ গোটক উধাইল॥ ৪০৪
মুণ্ড গোট তুলিলেক স্তব্ধ দুই কৰ্ণ।
মুখ গোট দেখি যেন কাল মেঘ বৰ্ণ॥
মধ্যাহ্নৰ সূৰ্য্য যেন জ্বলে চক্ষু দুই।
কোপ কৰি কাল যেন ৰৈল থিয় হুই॥ ৪০৫
মাৰুতি সম্বুধি বোলে শুনা নাগচয়।
তুমি সবে কৰা কেনে ইমত কুনয়॥
কাশ্যপৰ পুত্ৰ তুমি সব মহাজন।
ময়ো হনুমন্ত হওঁ‌ পবন নন্দন॥৪০৬
সম্বন্ধত হওঁ মই পুত্ৰ তোমাসাৰ।
কৰিবাক চাহা কেনে কুল খিলিঙ্কাৰ॥
আসি আছো মই শ্ৰীৰামৰ আজ্ঞা পাই।
তোমাসাক যুঝিবাক মোৰ ইচ্ছা নাই॥৪০৭
ৰাঘৱৰ আজ্ঞা কহোঁ‌ সমস্তে শুনিয়ো।
লব-কুশ দুই কুমৰক আনি দিয়ো॥
তেবে তোমাসাক একো নপাৱে প্ৰমাদ।
তোমাৰ আমাৰ আত কিসৰ বিবাদ॥৪০৮
নাগগণে বোলে অৰে মলুৱা বানৰ।
আমাতো কহস আজ্ঞা মানুষ ৰামৰ॥