পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৪ ) তোমালোকে তোমালোক এই ভাল পোৱা সময়ত দৰকাৰ হ'লে নিজৰ জীৱন উচৰ্গা কৰি জগতক দেখুৱাবলৈ সাজু নে? যি তোমালোকক ভাল পায় তোমালোকে তেওঁক ভাল পোৱানে? যি তোমালোকক মহৎ উপকাৰ সাধি দিয়ে?......তেন্তে তোমালোকে যীচুক নিশ্চয ভাল পাব লাগিব। কিয়নো তেওঁ তোমালোক অনাদি কালৰ পৰা ভাল পাই আহিছে আৰু তোমালোকক উদ্ধাৰ কৰিবৰ কাৰণে তোমালোকৰ কাৰণে স্বৰ্গৰ দুৱাৰ মুকলি কৰিবৰ কাৰণে মানুহ জন্ম লৈ চৰ ওপৰত মৃত্যু অবলম্বন কৰিলে। যীচু তোমালোকৰ ত্ৰাণকৰ্তা! তেও তোমালোকৰ সৰ্বশ্ৰেফ বন্ধু। তেওঁ তোমালোক ভা। তোমালোক কোলত তুলি লবৰ কাৰণে, তোমালোকক ক্ষমাৰ চুম্বন দিবৰ কাৰণে, তোমালোকক তেওঁৰ স্বৰ্গীয় পিতাৰ ওচৰলৈ লৈ যাবৰ কাৰণে তেওঁ সদায সাজ। যীচু সৃষ্টিৰ পোৰ! তুমি যদি তেৰ পদানুসৰণ কৰা তেন্তে তোমাৰ বাট ভুল হবৰ অলপো ভয় নাই। তেও কব লাগিছে— হে শোকাতৃৰ বিলাক, হে কেশাতুৰ বিলাক, মোৰ ওচৰলৈ আহা, তোমালোকক মই শান্তি দিম। হে পাপী বিলাক মোৰ ওচৰলৈ আহা মই তোবালোকৰ পাপ লৈ সাম—তোমালোকৰ পাপী অন্তৰ পৰিাৰ কৰিম। হে ৰোগী বিলাক মোৰ ওচৰলৈ আহা, মই তোমালোকক আৰোগ্য কৰিম। হে মৃত সকল মোৰ ওচৰলৈ আহঁ। মই তোমালোক উৰ্দ্ধত তুলিম। ময়েই পুনৰুত্থান আৰু জীৱন। তেন্তে আহা আমি যীচুৰ ওচৰলৈ যাওঁ। আহা আমিও মেৰি মেডেলেনাৰ নিচিনাকৈ যীচুৰ চৰণত পৰি অনুতাপৰ অশ্ৰু মোৰ্চে। তেওঁ আমাৰ মন পৰিবৰ্তন কৰিব। তেওঁ আমাক পবিত্ৰ কৰি ঈশ্বৰৰ সন্তান-সন্ততি ইবৰ উপযুক্ত কৰিব। অসমীক্ষাৰ বন্ধু।