পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ভাগ ২য় জুন, ১৯৩৫ সংখ্যা ১১ বন্ধ ৰ বাণী। মৰমৰ বন্ধু সকল, 1 - মোৰ শেষৰ পত্ৰত তোমালোকক মই “যীচু মোৰ নিমিত্তে কি" স্পষ্টকৈ কৈছো। এতিয়া মই ঘূৰি তোমালোক সেই প্ৰশ্নকে সোধে। কোৱাচোন! যীচু তোমালোকৰ নিমিত্তে কি? হিন্দু বিলাকে কয় -যৗচু এজন মহৎ পুৰুষ। মুচলমান সকলে কয়--যীচু এজন সিদ্ধ পুৰুষ। কিন্তু আমি খ্ৰীষ্টীয়ান বিলাকে বিশ্বাস কৰে যে যীচু কেৱল এজন মহা- পুৰুষ বা ভবিষ্যবাদীয়েই হয় তেওঁ ঈশ্বৰৰ একমাত্ৰ পুত্ৰ। ঈশ্বৰ শব্দৰ মানে যি বুজায় সেই ঈশ্বৰেই; পিতা আৰু পবিত্ৰাত্মাৰ সৈতে যি সদায় ঈশ্বৰ। তেওঁৰ আদি আৰু অন্ত নাই। আমি নকওঁ যে তিনিজন ঈশ্বৰ আছে; কিয়নো ঈশ্বৰ এজন হে হব পাৰে; নহলে তেওঁ ঈশ্বৰ নহব। কিন্তু আমি বিশ্বাস কৰো যে এক ঈশ্বৰত তিনি ব্যক্তি আছে, “পি, পুত্ৰ আৰু পবিত্ৰায়,” আৰু ৰে এই তিনি ব্যক্তি এক ঈশ্বৰ। তেন্তে যীচু তোমালোকৰ নিমিত্তে কি? তোমাললাকে তেওঁত বিশ্বাস কৰা নে? তোমালোকে তেওঁক তোমালোকৰ অন্তৰেৰে ভাল পোৱানে?

}