পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৫)

গোট খুৱাইছোঁ পাপৰ পাচত ইয়াক হেৰুৱাও। মাৰাত্মক পাপৰ অবস্থাত ভাল কাম কৰিলে সি চিৰস্থায়ী পুৰস্কাৰৰ যোগ্য নহয়। মাৰাত্মক পাপৰ দণ্ড নৰকৰ অনন্ত জুই। পাপ মাৰাত্মক যেতিয়া (১) গম্ভীৰ বাস্তবিক (২) পূৰ্ণ জ্ঞান ৩) পূৰ্ণ শান্তি।

 (১)গম্ভীৰ বাস্তবিক

 পাপীৰ চিন্তা, বাক্য আৰু কাৰ্য্য বা ত্ৰুটিৰ বৰ গুৰুতৰ আৱশ্যক,— যেনে ধনৰ মুঠ চুৰ কৰা কাৰ্য্য ইত্যাদি।

 (২) পূৰ্ণ জ্ঞান-জানি শুনি তাক নকৰিলে এইটো মাৰাত্মক পাপ নহয়। কি কি কৰিছে ইয়াক জানিবলৈ মনৰ আৱশ্যক।

 (৩) পূৰ্ণ শান্তি- যেতিয়া ইচ্ছা পৰীক্ষাৰ চিন্তা বাক্যৰে ৰা কাৰ্য্যৰে সৈতে একমত হৈছে। পূৰ্ণজ্ঞান নহলে বা পৰীক্ষা গ্ৰহণ কৰাত আকাঙ্খা হ’লে, পাপ। পাপ সামান্য হে অথাৎ আত্মালাভ পায়, বধ কৰা নেযায়। সামান্য অৰ্থ ক্ষমণীয় এই কাৰণে মাৰাত্মক পাপতকৈ তাৰ ক্ষমা উজু। ওজৰৰ নিমিত্তে মিছা কথা কবলৈ, আমাৰ চুবুৰীয়াৰ প্ৰতি সৰু ক্ষতি; সি আমাক ঈশ্বৰৰ ওচৰত শত্ৰু নকৰে। তথাপি সামান্য পাপ ডাঙ্গৰ ডাঙ্গৰ অপকাৰ। মাৰাত্মক পাপত বাজে সি আটাইতকৈ ডাঙ্গৰ অনিষ্ট; এইদেখি আমি তাৰ নিমিত্তে শোকাৰ্ত্ত হোৱা আবশ্যক। সি আমাৰ পৰা বহুত কৃপা কাঢ়ি নিয়ে আৰু সাধাৰণতঃ মাৰাত্মক পাপৰ আলি। সকলোৱে সামান্য পাপৰ বাবে ইহকালত বা পৰকালত দণ্ডপাব।

যি অন্যক শান্তি দিব খোজে সি নিজৰ নাশ তৈয়াৰ কৰে

 এজন ভাল ৰজাৰ দুজন লগুৱা আছিল। এজন বৰ ভাল হোজা আৰু নিৰ্ম্মল লৰা। তেওঁৰ নাম আছিল লুইছ। আনটো বেয়া লাঠুৱা লৰা ৰাৰ নাম ৰাম। ৰজাই লুইছক বহত প্ৰেম চেনেহ কৰে। তেওঁৰ লগত থাকিবলৈ বৰ ৰং পায়। এই বাবে ৰামে লুইছক ঘিনাইছিল। এদিন