পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কাথলিক মণ্ডলীৰ ইতিহাস

পাপ

 পাপ ঈশ্বrৰ অপৰাধ, অৰ্থাৎ এনেবিলাক চিন্তা, বাক্য, কাৰ্য্য বা ত্ৰুটি যাৰ দ্বাৰা ঈশ্বৰৰ আজ্ঞা পালন কৰা নহয়। পাপ দ্বিবিধ,—আদি পাপ আৰু স্বকৃত পাপ। যি পাপ আদমে নিষিদ্ধ ফল খাই কৰিলে সেই পাপৰ নাম আদি বা পূৰ্ব্ব পাপ। কুমাৰী মাৰীয়াত বাজে আদমৰ যি সকল মনুষ্যজাতিৰ মূৰ, তেওৰ পৰা আটাই বিলাক সন্তান পাপৰ দণ্ডখনত প্ৰসূত হয়। আমি স্বয়ং যি পাপ কৰো, সেয়ে স্বকৃত পাপ। স্বকৃত পাপ মাৰাত্মক পাপ আৰু সামান্য পাপ। তাৰ নাম মাৰাত্মক পাপ এই কাৰণে, যে সি কৃপাক অপবিত্ৰ কৰিব পাৰে, অথাৎ স্বাভাবিক জীবন গুচাই—আত্মাক বধ কৰিব পাৰে। আত্মাক স্বাভাবিক জীৱন যাৰ দ্বাৰা আমি গতি কৰিব, ভাবিব আৰু কথা কৰ পাৰো; তাইৰ স্বাভাবিক জীবন যাৰ দ্বাৰা আমি পবিত্ৰ কৃপা পাই ঈশ্বৰৰ বন্ধু হব পাৰো। তাইৰ অস্বাভাবিক জীবনে ঈশ্বৰৰ সাক্ষাতে তাইক শুনী আৰু মনোহৰ কৰে। পাপেৰে আমি এই কৃপাক হেৰুৱাওঁ। মাৰাত্মক পাপৰ পাচত বাহিৰ সলনি নহয়; প্ৰথমতে যেনে তেনে, পাচত আমি ফুৰো, কাম কৰোঁ, আৰু হাঁহোঁ। কিন্তু পৰমেশ্বৰ আৰু দূতবিলাকৰ সাক্ষাতে তাইৰ ভয়ানক জলনি; পাপৰ পাচত আমাৰ আত্মা ভীষণ আৰু ঘৃণিত হয়। যি পুৰস্কাৰ হিত কাৰ্য্যবোৰেৰে আমি