পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫)

আশীৰ্ব্বাদ প্ৰাপ্তা নাৰী কুমাৰী মাৰীয়াৰ দ্বাৰায় সেই সৰ্পৰূো্প চয়তানৰ শূৰ মৰ্দ্দন কৰিব আৰু তেওঁৱেই আমাৰ ঠিক পথৰ সহায়কাৰী হব।

 শাস্ত্ৰৰ নতুন নিয়মৰ পৰা আমি শিক্ষা পাওঁ যে তেওঁ আমাক সহায় কৰিবৰ নিমিত্তে অতি শিক্ষিতা নাৰী। যেতিয়া খ্ৰীষ্টই তিনি বছৰ শিক্ষা পোৱাৰ পাচত তেওঁৰ পাচনিবিলাকৰ মাজত স্বৰ্গ ৰাজ্যৰ গুপুত বিষয় বিলাক জনাইছিল আৰু কৈছিল যে স্বৰ্গত থকা পিতৃ পৰম ঈশ্বৰে মোক যি যি দেখুৱালে আৰু কলে তাকেহে মই তোমালোকক জনালোঁ। তেন্তে যীচুৱে নিজৰ মাক মাৰিয়াৰ লগত ত্ৰিশ বছৰ লৈকে আছিল; ইয়াৰ ভিতৰত তেওঁক নো যীচুৱে স্বৰ্গ ৰাজ্যৰ বিষয় কোৱা নাইনে? তেওঁ যীচুৰ সকলো বোৰ কথা মনত ৰাখি গমি চাই আছিল।

 কুমাৰী মাৰিয়াই তেওঁৰ নিজৰ জ্ঞানৰ পৰা নহয় কেৱল ঐশ্বৰিক জ্ঞানৰ পৰাহে ফলদাতৃ। কোনো নগৰত কোনো এখন বিয়াৰ ভোজত যীচুৰ মাক মাৰিয়াও উপস্থিত আছিল; ঠিক সময়ত অতি স্বাভাবিক ভাবেৰে ঐশ্বৰিক কায্যত মন দিছিল আৰু সেই ভোজৰ লোকবিলাকৰ বিপত্তি হেছিল। এনেতে সিবিলাকৰ ওচৰলৈ গৈ ফুচ ফুচাই কৈছিল যে এওঁ অৰ্থাৎ যীচুৰে তোমালোক যিহকে কৰিবলৈ আদেশ কৰে তাঁক কৰিবাঁ, এই বুলি মনেমনে চিন্তাকৰি এক চুকত বহি থাকিল। যদি কোনো জনে বাস্তবিকতে মাৰিয়া আমাৰ সহায়কাৰী আছে, কেৱল আমাৰ আশীৰ্ব্বাদ পোৱা নাৰী মাৰিয়াহে। আৰু তেওঁৰ জ্ঞান আৰু মন বলেৰে অতি মৰমেৰে সহায়- কৰে। শেহত তেনেকৈ কুমাৰী মাৰিয়াৰ শক্তি আৰু নিঃসন্দেহ ভাবে ইচ্ছা আৰু মৰমেৰে আমাক সহায় কৰে। তেওঁৰ সকলো কথাতে অতি জ্ঞান- বতী আৰু উদাৰ ভাব। তেওঁ কয় যি কোনোৱে মোক ভাল পায় মই তেওঁ লোকক ভাল পাওঁ আৰু যি কোনোৱে মোক বিচাৰে মোক দেখা পাব। আমি কল্পনা কৰিব পাৰোনে? যি জনা মাতৃয়ে অতি আশক্তা হৈছিল নিৰ্ভয়েৰে আৰু একো বিবেচনা নকৰাকৈ আওকান কৰি পাহৰি শেহত বিশ্বাস কৰি এটা বিশেষ কায্য কৰিবলৈ নিয়োজিত সকলক আৰু মৃত পুত্ৰলৈ? আৰু আমালোকে কল্পনা কৰিব পাৰেনে? যি জনা মাকে যাৰ ইমান ডাঙ্গৰ এটা ভাগ হাতত থকাটো নিজৰ পুত্ৰক ক্ৰুচ যন্ত্ৰণাৰ পৰা উদ্ধাৰ