( ১৪ )
আমাৰ মাতৃ কুমাৰী মাৰিয়া
কাথলিক মন্দিৰ বছৰৰ উপৰি বছৰে অনেক শত্ৰুৰ বাধা বি ঘনিৰ মাজত প্ৰশংসনীয় হৈ আহিছে আৰু এনেকৈ সদায থাকিব, আৰু বছৰে বছৰে সমান ক্ষমতাৰে চলিও থাকিব আৰু বেছি পৰিমানে প্ৰশংসীত হব। কুমাৰী মাৰীয়াৰ একান্ত ভক্তি সন্তান সন্ততি বিলাকৰ নিমিত্তে সাচি থোৱা এটা ধন সম্পত্তি বুলি ধৰিব লাগিব। ডাঙ্গৰ মন্দিৰ বিলাকৰ বাহিৰ ভিতৰ সকলো ফালে দেখা যায় যে অতি শোভাযুক্ততাৰে মঠ সাজি তাৰ ভিতৰত মাৰিয়াৰ মূৰ্ত্তি আৰু জপমালা গুটি ইত্যাদিৰে আৰু ঠিক মন্দিৰৰ বাহিৰা- বাটৰ কাষতো ৰখা হয়। ই সত্য যে এই সকলো বিলাক চিন আমাৰ প্ৰত্যেক কাথলিক ঘৰত ৰখা নিতান্ত উচিত। আৰু মাৰিয়াক সম্বোধন কৰা হয় ‘স্বৰ্গৰ দুৱাৰ’। কাৰণ এই পৃথিবীৰ সকলোবিলাক লোকৰ মাজত তেৱেই ঈশ্বৰৰ পৰা প্ৰধান আশীৰ্ব্বাদ প্ৰাপ্ত এক মাত্ৰ নাৰী। এই নিমিত্তে আমি তেওঁক ভক্তিভাৱ দেখুৱাবৰ কাৰণে মন্দিৰৰ বাহিৰ ভিতৰ সকলো ফালে তেওঁৰ ভক্তি কৰা চিন দেখুবা নিতান্ত প্ৰয়োজন।
প্ৰভু যীচু খ্ৰীষ্টে আমাৰ পাপৰ নিমিত্তে ক্ৰুচ কাঠত নিজৰ প্ৰাণ অৰ্পণ কৰি প্ৰায়শ্চিত্ত সাধন কৰিলে আৰু আমাৰ নিমিত্তে স্বৰ্গৰ দুৱাৰ মুকলি কৰিলে। কিন্তু আমালোকৰ শত্ৰুবিলাকে সেই পুৰস্কাৰ ভাগৰ বিষয়ে অস্বীকাৰ কৰে। এই সকলোৰ বিষয়ে পূৰ্ব্বেই কোৱা আছিল যে