( ১৩)
লুইচৰ সৈতে খোজ কাঢ়ি ৰাওনা কৰিলে। ই পৰিশ্ৰম কষ্ট আৰু বিপদৰ কাম আছিল। প্ৰত্যেক ঘৰৰ দুৱাৰ আৰু প্ৰতেক হৃদয় তেওঁৰ প্ৰতিৰোধৰ অৰ্থে বন্ধ আছিল; তেওঁক অবজ্ঞাৰে প্ৰত্যাখ্যান কৰা হ'ল আৰু মৰণৰো ভয় দেখুৱা হ’ল। কিন্তু একোৱে তেওঁক ভয় দেখুৱাব অথবা প্ৰতিৰোধ কবিৰ নোৱাৰিলে। আৰু হঠাৎ মগুলীত তেওঁৰ আবিৰ্ভাবে নব উৎসাহৰ সৃষ্টি কৰিলে। কথিত আছে যে তেওঁ ৭২,০০০ কালভিনিষ্টক (প্ৰটেস্টান্ট বিলাক) খ্ৰীষ্ট ধৰ্ম্ম গ্ৰহণ কৰাইছিল। তেতিয়া সন্ত প’পে তেওঁক জেনিভাৰ সহকাৰী বিচপ হবলৈ বাধ্য কৰে। তেওঁ ১৬০২ খ্ৰীষ্টাব্দত সেই পদত অধিষ্ঠিত হয়।
বিচপ হিচাবে তেওঁ সকলোকে যত্ন কৰিছিল। তেওঁৰ ভদ্ৰতা আৰু মধুৰ স্বভাবে সকলোৰে হৃদয় জয় কৰিছিল। তেওঁ আনেচিত “’তত্বাবধান সম্প্ৰদায়’’ প্ৰতিষ্ঠিত কৰে। অতি অলপ সময়ৰ ভিতৰতে এই সম্প্ৰদায় ইউৰোপত বিস্তৃত হৈ পৰে৷ দৰিদ্ৰ হৈয়ো তেওঁ উত্তম উত্তম খাদ্য উচ্চপদ, এনেকি পাৰিচৰ বিচপৰ পদো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ চপোৱা কিতাপ বোৰ গভীৰ পাণ্ডিত্য পৰিপুৰ্ণ আৰু সৰল। সেই সকলো- বোৰ কিতাপৰ বিশেষত্ব এই যে তেওঁৰ ভাষাত ভক্তিৰ ভাব উদ্ৰেক হয়। আৰু সেই বোৰৰ মাজত প্ৰীতিকৰ আৰু অদ্ভুত উদাহৰণ আছে। তেওঁ ১৬৬২ খৃষ্টাব্দৰ ২৮ ডিচেম্বৰত লাইয়োনচ নগৰত প্ৰাণত্যাগ কৰে। তেওঁৰ মৃত দেহ আনেচিতলৈ লৈ যোৱা হয়। সেই দেহ আজিও সেই ঠাইত বিদ্যমান আছে।
সন্ত জোহন বস্কৰ ফ্ৰানচিচ চেলৰ প্ৰতি বৰ মৰম আছিল। তেওঁ এই মহৎ সাধু পুৰুষক তেওঁ স্থাপন কৰা যুৱক সকলৰ শিক্ষা সঙ্গতৰ ৰক্ষক আৰু সমস্ত জগতত সুসমাচাৰ প্ৰচাৰ কাৰী স্বৰুপে মনোনিত কৰিছিল। সেই কাৰণে আমাৰ এই আসামত কাথলিক ফাদাৰ সকলক চেলেচিয়ান অৰ্থাৎ চেলচৰ সন্ত ফ্ৰানচিচৰ সঙ্গত বোলে।
এই মহৎ সাধু পুৰুষৰ পৰা আমি বিশেষকৈ সকলোৰে প্ৰতি দয়ালু আৰু নম্ৰ হবলৈ শিকিব লাগে।