ভাৰতত ডন বস্ক—তেওঁৰ কাৰ্য্য-কলাপ
তেজপুৰ কেথলিক
প্ৰায় ত্ৰিশ বছৰব আগায়ে বেলচিয়ান ফাদাৰ সকল ভাৰতলৈ আহিছে। তেওলোকে ২০ বছৰ তাঞ্জৰ জিলাত কাম কৰে। তাৰ পাচত স্কুল চলোৱা, শিল্প-স্কুল স্থাপন কৰা, খবৰ কাজ চলোৱা, ইতাদি সকলো ৰকমৰ ভাল কামতে আগবাঢ়ি মান্দ্ৰাজলৈ আহে। তেওলোক আসামলৈ ১৯২২ চনত আহে ল’ৰাছোৱালীৰ কাৰণে স্কুল তৎক্ষণাত খোলা হ’ল। পোন প্ৰথমেই শিলতেই এক ব্যৱসায় স্কুল পায়। ই যদিও আৰম্ভনীতে সৰু আছিল, তথাপি অলপ অলপকে উন্নতি কৰি ই এতিয়া ভাৰতৰ বৰ্ত্তমান সময়ত বিশেষ উপযোগী এই শ্ৰেণীৰ স্কুলবোৰৰ ভিতৰত এক অদ্বিতীয় হৈ উঠিছে। এই স্কুলৰ কাৰু-কায্যই আসামৰ আগৰ জন আৰু বৰ্ত্তমান গবৰ্ণৰ বাহাদুৰৰো বৰ প্ৰশংসা পায়। লৰাই, কাঠ মিস্ত্ৰি, শিল্প-বিদ্যা, ছাপা-খানা, কিতাপ-বন্ধোৱা, দজ্জিৰ কাম, জোতা তৈয়াৰ কৰা, ইত্যাদি কামবোৰৰ যোন টোকেই বেচি পচন্দ কবে তাকেই ৫ বছৰ কাল শিকোবা হয়।
গৌহাটিৰ ডন বস্কৰ টেক্নিকেল স্কুল, কাঠ-মিস্ত্ৰি বিভাগেৰে ১৯২৬ চনত খোলা হয় আৰু আশা কৰা যায় সোণকালে ছাপা-খানা আৰু শিল্প-বিদ্যা বিষয়ো খোলা হ’ব। এক কৃষিবিষয়ক স্কুল জয়ন্তিয়া পাহাৰৰ ৰেলিয়াণত