পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১২ )
লোহাৰ কাম --দন বস্কৰ ইন্দাস্ত্ৰিযল স্কুল শ্বিলং

উপায় স্থিৰ কৰা। এই কথা কোনো ৰকমৰ প্ৰশ্নৰ বাহিৰ। সেই কাৰণে দেশত অতি আৱ- শ্যকীয় বস্তু হৈছে ভাল আৰু বৰ্ত্তমান সময়ৰ উপযোগী শিল্প আৰু কৃষি বিষয়ক স্কুল। এই কথাকেই ডন বস্কৰ শিষ্যসকলে লক্ষ কৰিছে, অৰ্থাৎ সজ ইচ্ছাৰ সকলো ডেকাকে আচল শিক্ষা দিব খুজিছে, যাতে ভবিষ্যতে তেওঁলোকে নিজকো আৰু তেওঁলোকৰ পৰিয়ালকো পোহ-পাল দিব পাৰে। আসাম সাৰুৱা দেশ। ই বৰ্ত্তমানে যিমান কৰিছে, তাতকৈ অনেক বেচি উৎপন্ন কৰিব পাৰে। মাত্ৰ উপযুক্ত , কৃষিবিদ্যা লাগে, দেখিবাঁ আমাৰ সোণৰ অসম অতীজৰ নিচিনা উন্নত, অন ধনে ধানে বৈ পৰা হব। এই কামত ডন বস্কৰ শিষ্য সকলে বৰ আগ্ৰহ আৰু উল্লাসেৰে সাহায্যৰ হাত আগবঢ়াব। এই নিমিত্তেই তেওঁলোকে গোটেই ভাৰততে আৰু আসামতো আসামৰ কাৰণে এক বিশেষ সুবিধা দি. শিল্প, ব্যবসায় আৰু কৃষিবিষয়ক স্কুল স্থাপন কৰিছে। এই স্কুলবোৰে চৰকাৰৰ ঘৰৰ পৰা বৰ উৎসাহ আৰু আদৰ পাইছে।

দন বস্কৰ নামএ কৃষি কাম স্কুল ৰালিয়া।