পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১১ )


মানুহৰ খল-খলীয়া হাঁহি মাত্ৰ জ’নে উত্তৰ পালে। “মই সঁচাকৈয়ে কৈছোঁ আৰু মই নিশ্চয়কৈ কব পাৰো যে মই জয় লাভ কৰিব পাৰিম”।

 “বাৰু, বাৰু, তোমাৰ নিয়ম কোৱাঁ.......”।

 “যদি মই জয় লাভ কৰো তেন্তে তই এই গাও এতিয়াই এৰি যাব লাগিব আৰু ইয়াত কেতিয়াও ভৰি দিব নোৱাৰ”। খেলোৱাৰী সম্মত হ’ল আৰু সেই ব্যগ্ৰ বহুল জনতাৰ মাজত খেল, বাজি আৰম্ভ কৰিলে। কিন্তু জ’ন বস্ক যদিও বয়স আৰু আকাৰে খেলোৱাৰীতকৈ সৰু আছিল তথাপি বুদ্ধিত তাতকৈ অনেক বেচি আছিল আৰু শেষত বিবুদ্ধি হৈ বেচেৰা খেলোৱাৰীয়ে পৰাজয় স্বীকাৰ কৰি তৎক্ষণাত সেই ঠাই এৰিব লগাত পৰিল। তেতিয়া অকণি জ’ন বস্কোৱে সেই মানুহবিলকক গিৰ্জ্জালৈ লৈ গ’ল আৰু তেওলোকে তেওঁলোকৰ আধ্যাত্মিক কাৰ্য্য সম্পন্ন কৰা দেখি সন্তোষ হ’ল।

 আৰু আন এসময়ত জ’নে এজাক মানুহৰ কাষেদি যাওঁতে শুনিলে যে এটা মানুহে বেয়া কথা কৈছে। তেতিয়া জ’নে তেওঁৰ সুললিত মাতেৰে এটা বৰ সুন্দৰ গান গাবলৈ আৰম্ভ কৰিলে। তেও এনে সুন্দৰ কৈ গাইছিল যে সকলোৱে তেওঁৰ গানৰ দ্বাৰা আকৰ্ষিত হৈ সেই ঘৃণিত মানুহটোক অকলে এৰি তেওৰ পাচে পাচে যাবলৈ ধৰিলে।

শিল্প আৰু কৃষিকাৰ্য্য বিষয়ক স্কুলবোৰৰ আবশ্যকতা

কাঠৰ কাম,- দন বস্ক ইন্দাস্ত্ৰিযাল স্কুল শ্বিলং।

 সাহিত্য বিষয়ক শিক্ষাৰ বাহিৰেও চেলিচিয়ান বদিৰ সকলে পাকৈত শিল্পী আৰু বনিজ প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰে। আজিকালি স্কুল বহুত। উপদেশ এটা বৰ ভাল বিষয়, আৰু ইয়াক কিছু দুৰলৈ অব্যশ্যক হয়। কিন্তু মানুহৰ বিশেষ আৰু অতি লাগতিয়াল কথা হৈছে নিজৰ জীৱিকা আৰ্জ্জনৰ