সমললৈ যাওক

পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১২)


সপ্তম আৰু দশম আজ্ঞা।

 সপ্তম আৰু দশম আজ্ঞাই সকলো লােভীয়া আৰু অন্যায় ভাৱ চিন্তা নাইবা আন সকলাে বােৰ লবলৈ নিষেধ কৰে। যেতিয়া আমি আমাৰ চুবুৰিয়াৰ পৰা কিচু বস্তু ধাৰ কৰি লৈ পুনৰাই দিবলৈ মন নকৰো তেতিয়া পাপ কৰোঁ। এই আজ্ঞা অনুসৰি শুদ্ধকৈ নিজ কাম কৰিবলৈ দাসবােৰৰ আৰু শিক্ষক বিলাকৰ আৱশ্যক। যি বিলাকে বেচাত বা কিনাত প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰে সিবিলাকে এই আজ্ঞাৰ বিপক্ষে পাপ কৰে। মিছা বা অন্যায় জোখ ব্যৱহাৰ কৰা নিষিদ্ধ। ভাল বস্তুত বেয়া বস্তু মিহলি কৰিলে, অন্যৰ বস্তু নষ্ট কৰিলে এই আদেশ অনুসৰি দোষী। আমি পাৰিলে ক্ষমা পাব পাৰোঁ; পাপৰ ধন বস্তু মেলামত কৰাই আমাৰ দৰকাৰ। এনেকৈ ঋণ, ধাৰ দিব লাগে। এই বিষয়ে অসাৱধান হব নােৱাৰে। যিবিলাকে দুখীয়া বিলাকৰ নম্রতালৈ আশা কৰি সিহঁতৰ ওপৰত নির্দ্দয় ব্যৱহাৰ কৰে, আমাৰ প্ৰভু যাচু খ্ৰীষ্টৰ সাখ্যাতে সিবিলাকৰ বিচাৰ কি হব? পাপৰ ধন বস্তু পুনৰাই দিযা বৰ কঠিন ; এই বিষয়ত পাৰি পৰামৰ্শ লব লাগে। তেওঁ আমাৰ বন্ধু, তেওঁ সদায় আমাক সহায় কৰি সকলােবিলাক ঠিক স্বৰূপে নিম্পতি কৰিব। এই দেখি আমি তেওঁৰ পৰামৰ্শ লবলৈ ভয় কৰিম কিয় ?