পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৩)

চাক্ৰামেন্ট বোৰ।

 আমাৰ শৰীৰৰ যেনেকৈ তেনেকৈ আমাৰ আত্মাৰ জীৱন, যি আৰম্ভ কৰি, বৃদ্ধি হৈ, ক্ষতি পাই আহাৰ আৰু দৰব তাইৰ লাগতিয়াল। এই সকলো প্ৰয়োজনৰ নিমিত্তে পৰমেশ্বৰে চাক্ৰামেন্ট বোৰক যোগোৱাই স্থাপন কৰিলে। এই চাক্ৰামেন্ট বোৰ আধ্যাত্মিক জীৱন, শক্তি, আহাৰ আৰু ঔষধ আমাক দিছে। বহুমূলীয়া শোনিতৰ দ্বাৰা আমি সকলো কুশল হিত পাওঁ। আমি পৰিত্ৰাণকহে নেপাওঁ, কিন্তু যি আমাৰ আত্মাৰ ৰক্ষাৰ নিমিত্তে লাগতিয়াল কৃপা, সেই সকলো পাওঁ। অৰ্থাৎ পোহৰ, যাৰ দ্বাৰা যি কৰিবলৈ আমাৰ আৱশ্যক ইয়াক দেখা পাওঁ; পৰীক্ষাৰ পৰাজয় কৰিবৰ নিমিত্তে শক্তি, পাপৰ ক্ষমা, দুখ সহিবলৈ আৰু অন্তলৈকে মন পুতি লাগিবলৈ কৃপা এই সকলো পাব পাৰে।

 চাক্ৰামেন্ট বোৰৰ দ্বাৰা যীচু খ্ৰীষ্টৰ বহুমূলীয়া শোণিতৰ কন আমাৰ আত্মাত ঢলা যায়। এই দেখি সিবিলাক পৰিত্ৰাণৰ প্ৰধান উপায় দিহা। চাক্ৰামেট সাতটা যেনে—বাপ্তিস্মা, হস্তাৰ্পণ, পবিত্ৰ ইউকাৰিষ্ট, পাপ স্বীকাৰ, অন্তলেপন, পৌৰহিত্য আৰু বিবাহ। সকলে চাক্ৰামেণ্টত তিনটা বস্তু; বাহিৰ চিন, ভিতৰুৱা কৃপা, আৰু প্ৰভু যীচু খ্ৰীষ্টৰ স্থাপন যি ইন্দ্ৰিয় বিলাকৰ দ্বাৰা গম পাইছে সেই বাহিৰ চিন বোলা যায়। বাহিৰ চিনৰ দ্ৰব্য আৰু বাক্য। যি বস্তু চাক্ৰামেন্ট দিয়াত ব্যৱহাৰ কৰা যায় সেই দ্ৰব্য