পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মুক্তি ক’ত?

(১)

জীৱনৰ আৰম্ভতে বাহিৰ ওলালো,
পৰ্ব্বতলৈ উঠা এটা বাটেদি উঠিলোঁ।
সকলোবোৰ ৰঙা দেখি নীলাকাশাত,
আচৰিত হলো অতি উঠি ওপৰত।

(২)

চকুৰ আতৰি থাকে ডাৱৰ আৰত,
ৰৈছিলোঁ কতবাৰ পৰি কত ঠাইত।
কিন্তু, চিৰ-স্বৰে মোক মাতে সৰ্ব্বদাই,
দীঘলীয়া পথে মই যাওঁ সেই ঠাই।

(৩)

বহুবাৰ হাতভৰি শোনিতেৰে ভৰা
বাট আছিল শিল ও কাঁইটেৰে গৰা।
কিন্তু, চিৰ-স্বৰে মাতিছে মোক যাবলৈ,
মই এতিয়া ভাগৰুৱা বুঢ়া হলোগৈ।

( 8 )

প্ৰথমতে পৰিছিল বলবুদ্ধি মোৰ,
দেখিলোঁ পাচত কিন্তু সুন্দৰ পোহৰ।
ঈশ্বৰৰ স্বৰ শুনি দেখোঁ ক্ৰুচ তাত,
যাত্ৰা মোৰ শেষ হ’ল চিৰ মুক্তি যত।