পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৪)

 বহুত ধৰ্ম্ম যুদ্ধ আৰু ক্ষমতাৰ প্ৰভাৱত উৎপত্তি হৈছে। কিন্তু ঈশ্বৰৰ ধৰ্ম্ম প্ৰেম আৰু সত্যৰ মাজেদি উৎপত্তি আৰু বিস্তাৰিত হোৱা উচিত।

 কেৱল এটা ধৰ্ম্মই আজি পৃথিবীৰ ভিতৰত সকলোৰে নিমিত্তে সজ আৰু সাধাৰণ ধৰ্ম্ম হৈ শান্তিৰ বাটেদি বিয়পি পৰিছে। যি ধৰ্ম্মই সকলো বিলাক মানুহ একে ভাই ককাই, সকলোৰে পিতা সৃষ্টিকৰ্ত্তা ঈশ্বৰ কেৱল এজন বুলি শিক্ষা দিছে আৰু যি ধৰ্ম্মই পৃথিবীত প্ৰেম, সুবিচাৰ, আৰু সকলোকে সত্য শিক্ষা দিছে; সেই টোৱেই যীচু খ্ৰীষ্টৰ ধৰ্ম্ম। যাক ঈশ্বৰৰ পুত্ৰৰ দ্বাৰাই স্বৰ্গৰ পৰা অনা হৈছিল। এই ধৰ্ম্ম প্ৰথমে পূবত বিস্তাৰিত হয়। আৰু পূবৰ পৰা তিনি জন জ্ঞানী মানুহ যীচু খ্ৰীষ্ট জন্ম হওঁতে তেওঁক পূজা কৰিবলৈ বেথেলহেমলৈ গৈছিল। এটা তৰাই তেওঁলোকক বাট দেখুৱাইছিল; সেই তৰাটো এতিয়াও সকলোকে বেথেলহেমলৈ মাতি পূবত জিলিকি আছে।

 যীচু খ্ৰীষ্টই এই পৃথিবীলৈ এটা দুৰ্বল কেছুৱাৰ দৰে আহি অতি কষ্টেৰে জীৱন কটাইছিল। তেওঁৰ আদেশ প্ৰচাৰ কৰিবলৈ আৰু সেই আদেশ অনুসৰণ কৰি চলিবৰ কাৰণে মানুহ বিলাকক বাধ্য কৰাবলৈ মহ্মদৰ দৰে তেওঁৰ সৈন্য সমান্ত নাছিল। কিন্তু তেওঁ ঈশ্বৰৰ পুত্ৰ আৰু আমাৰ মুক্তিৰ কাৰণেই তেওঁৰ ক্ৰুচৰ ওপৰত মৃত্যু হৈছিল। এতিয়াও তেওঁৰ ধৰ্ম্ম আৰু বেচিকৈ বৃদ্ধি হবলৈ ধৰিছে। আজি পৃথিবীত ৬০০ কোটি মানুহে যীচু খ্ৰীষ্টত বিশ্বাস কৰে। এইটো সত্য যে মাজে মাজে মানুহে তেওঁৰ উপদেশ অনুসৰণ নকৰে; কিন্তু যীচু খ্ৰীষ্টৰ ধৰ্ম্ম কেতিয়াও হ্ৰাস নহয়। পৃথিবীত কেবল এইটো ধৰ্ম্মই মানুহৰ আশা আৰু আকাঙ্খা পূৰ্ণ কৰিছে। এই ধৰ্ম্মৰ সুদূৰ দেশতো উন্নতি আৰু বৃদ্ধি হৈ আছে।

“খ্ৰীষ্টৰ ৰাজ্য আহিছে”।

অসমীয়াৰ বন্ধু।