পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়ৰ ভাগ ২য় 1 দিচেম্বৰ, ১৯৩৫ সংখ্যা ১৬ বন্ধুৰ বাণী। যোৱাবাৰ মই এটা প্ৰশ্নৰে সৈতে মোৰ চিঠি শেষ কৰিছিলো। এতিয়া মই তাৰে উত্তৰ দিবলৈ চেষ্টা কৰিছে। প্ৰশ্নটো আছিল :- (G > ‘ঈশ্বৰৰ ধৰ্ম্ম কি?” আমি দেখিছোঁ যে এই পৃথিবীত বহুত ধৰ্ম্ম আছে। সিহত সকলো সত্য নহয়, কিয়নো সিহতৰ শিক্ষা সম্পূৰ্ণ বিভিন্ন। বগা আৰু ক’লা কেতিয়াও একে হব নোৱাৰে। প্ৰায় সৰহভাগ ধৰ্ম্মই জাতীয়; কিয়নো সিহতৰ উৎপত্তি আৰু বৃদ্ধি নিজৰ দেশৰ ভিতৰতে আৰু কেৱল সেই দেশৰ মানুহৰ নিমিত্তে হে ভাল। কিন্তু ঈশ্বৰৰ ধৰ্ম সাধাৰণ আৰু সকলোৰে কাৰণে সজ হোৱা উচিত, কাৰণ সকলে ইখৰৰে সন্তান।