পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৫)

সুইচ্ছাই মানুহৰ শান্তি।

 ২৫ ডিচেম্বৰে যেতিয়া আমাক সেই সুখৰ ঘণ্টাৰ পৰা এখোজ আৰু দুৰলৈ নিয়ে, তেতিয়া পাপ আৰু দুখ কষ্টৰে ভৰা এই পৃথিবীত মানুহৰ আশাকাংক্ষী প্ৰতিজ্ঞাকাৰী ত্ৰাণকৰ্ত্তাৰ আবিৰ্ভাৱ হয়। ২৪ আৰু ১৫ ডিচেম্বৰৰ ভিতৰত ঠিক ৰাতি মাজ নিশা বহুদূৰাকাংক্ষী ত্ৰাণকৰ্ত্তা যীচু খ্ৰীষ্টই বেথেলহেমৰ এখন চহৰত জন্ম গ্ৰহণ কৰে।

 এই পৃথিবীত এজন ত্ৰাণকৰ্ত্তাই সুবিচাৰ, সাধাৰণ পাপৰ কাৰণে বিতুষ্ট হোৱা, মানুহক দাসত্ব আৰু চয়তানৰ হেচাৰ পৰা মুক্ত কৰিবলৈ আৰু ঈশ্বৰক সন্তুষ্ট কৰিবলৈ যে এদিন আহিব এই শুভ বাৰ্ত্তা প্ৰথমে ঈশ্বৰে আমাৰ প্ৰথম পিতা আদাম আৰু ইভলৈ তেওঁলোকৰ পাপৰ পাচত ততালিকে ঘোষণা কৰিছিল। মই তেওঁ আৰু তাইৰ মাজত তেওঁৰ সন্তান আৰু তাইৰ সন্তানৰ মাজত শত্ৰু পাতিছে। তাই তেওঁৰ মুৰ মোহাৰি ভাঙ্গিব”। (Gen. III 10 )

 কেই হেজাৰ মান বছৰৰ পিচত ঈশ্বৰে আব্ৰাহামক প্ৰতিজ্ঞা কৰি কলে যে ত্ৰাণকৰ্ত্তা তেওঁৰ সন্তান বিলাকৰ ভিতৰৰে এজন হোৱা উচিত। সেই একে প্ৰতিজ্ঞাকে তেওঁ আইজাক আৰু জাবান্দলৈ আৰু ১০০০ বছৰৰ পাচত ৰজা দেভিদলৈকো কৰিছিল। ঈশ্বৰে দেভিদক কলে যে দেভিদৰ এটা পুত্ৰ