সমললৈ যাওক

পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৬। মণ্ডলীৰ শিক্ষা । 9 পঞ্চম আজ্ঞা। এই আজ্ঞা অনুসৰী সকলো ইচ্ছাইক নৰহত্যা বাধিত যুদ্ধ, আত্মৰক্ষা বা অন্যৰ নামত এই আটাইতে বাজে, আমি আনৰ প্ৰাণটোক বধ কৰিব নোৱাৰো ও আত্ম প্ৰাণৰ হত্যাও কৰিব নোৱাৰো। এই দেখি ! যি পাপে জীৱনক চাপৰ কৰে সি নিসিদ্ধ। যুজ দল-বিবাদ, খং কোপ ঘিন প্ৰতিহিংসা বাধা এই কাৰনে যে সিবোৰ নৰহত্যাৰ পথ। কুইচ্ছা আৰু বেয়া উদৰিণ আমাৰ চুবুৰিয়াৰ আধ্যাতিক হত্যা কৰে এই দেখি সিবিলাক এই আজ্ঞাৰ বিপক্ষে। ষষ্ঠ আৰু নবম আজ্ঞ। যি পবিত্ৰ ও শুদ্ধতা বিপক্ষে, অৰ্থাৎ সকলে নিশুদ্ধ চিন্তা ভাব, বাক্য কথা বা কাৰ্য্য নিষেধ কৰে। এইটো জানিবই যে চিন্তা ইচ্ছাইক নহলে পাপ নচলে। এই বেয়া ভাব বহুত দিনলৈকে সততে আমাক গমনাগমন কৰিব কিন্তু আমি তাক গ্ৰহণ নকৰি খেদাবলৈ চেষ্টা কৰিলে পাপ নকৰো। এই আজ্ঞা অনুসৰি আটায় নিলাজ খেল, ধেমলি, আমোদ আৰু নাচন ও সেই বিলাকক দেখিবলৈ ও নিষিদ্ধ কৰে। এই আজ্ঞায় নিষিদ্ধ গান গ্ৰন্থ আৰু চবিবোৰ পাপৰ আলিপথ হয় এই কাৰনে এই সকলে আজ্ঞাৰ বিৰুধ। আপদীয়া লগৰীয়া, আমোদ বাতৰিকাকত ও উপন্যাসবোৰৰ পৰা দূৰ থকা। এই দৰে এই আজ্ঞা পালন কৰিবলৈ ইচ্ছা থাকিলে আমি এলাহ আৰু সকলো কুইচ্ছা অ কৰিব লাগে। 9 নিষিদ্ধ।