পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৭)

জয় পোৱা আৰু কষ্ঠভোগ কৰা মণ্ডলী।

 আমি কাথলিক বিলাক ধাম্মিকলোক সকলৰ সহভাগীত্বত বিশ্বাস কৰোঁ অৰ্থাৎ সকলে খ্ৰীষ্টান বিলাকৰ আত্মা যে স্বৰ্গত বা এই জগতত অথৱা যি বিলাকৰ আত্মা শুচ্যগ্ৰিত আছে সি বিলাকৰ আত্মাৰ সম্বন্ধ আমাৰ আছে। আমাৰ নিমিত্তে এই ভাব অতি সান্তনাযুক্ত আৰু অতি উৎসাহ- জনক। আমি জানো যে সাধুবিলাকে স্বৰ্গত আমাৰ প্ৰাৰ্থনা শুনে আৰু সিবিলাকে আমাৰ নিমিত্তে ঈশ্বৰৰ স্বৰ্গত প্ৰাৰ্থনা কৰিব পাৰে। সিবিলাক ঈশ্বৰৰ বন্ধু আৰু সেই কাৰণে সিবিলাকৰ প্ৰাৰ্থনা ইমান প্ৰবল যে আমাৰ বৰ সহায়কাৰী হয়। সিবিলাক আমাৰ আগেই এই জগতৰ পৰা গৈছে। আৰু সিবিলাকে আমাৰ বাট চাই আছে যেন আমিও সিবিলাকৰ লগতে স্বৰ্গৰ অনন্ত জিৰণী আৰু কুশল পাব পাৰোঁ।

 আমি জানোঁ যে দুৰ্ভাগ্য আত্মাবিলাক শুচ্যগ্নিত ঈশ্বৰৰ ৰাজ্যত সোমাৰৰ বযোগ্য হবৰ নিমিত্তে বহুত কষ্ট পাই আছে। আমি সিবিলাকক আমাৰ প্ৰাৰ্থনাৰ দ্বাৰা আৰু কামৰ দ্বাৰা সহায় কৰিব পাৰোঁ। আমি সিবিলাকৰ কষ্ট পোৱা সময় চুটি কৰি দিব পাৰোঁ। সিবিলাক ফাটকত সোমুৱাৰ নিচিনাকৈ পৰি আছে আৰু সিবিলাকৰ নিমিত্তে ৰজাবিলাকৰ ৰজাৰ ওচৰত আমি প্ৰাৰ্থনা কৰি সিবিলাকৰ কাৰণ অন্ধকাৰময় ফাটকৰ দুৱাৰ মুকলি কৰি দিব পাৰোঁ। আমি বাইবেলত পঢ়োঁ যে মৃতবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰা ভাল কাৰণ তাৰ দ্বাৰা সিবিলাকৰ পাপ ক্ষমা লাভ কৰি অনন্য