পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১ ) এটা পৰতৰ ওপৰত থকা নগৰৰ নিচিনা আৰু যি কেতিয়াও গোপনে থাকিব নোৱাৰে। (মথি ৫:১৪) আৰু এইটো কথাও স্পষ্ট যে খীচু খ্ৰীষ্টে কেবিলাক অধিকাৰী আৰু মণ্ডলী চলাওঁতা স্থাপিত কৰিছে যেনে, পাচনিবিলাকক আৰু বিশেষণে সাধু পিতৰক সকলো পাচনিবিলাকৰ ওপৰত যুবঙ্গ স্বৰূপ, তেওঁকহে স্বৰ্গৰ ৰাজ্যৰ চাবি যীচু খ্ৰীষ্টে দি গৈছে। (মথি ১৬-১১) আৰু তেওঁকহে ভেড়া আৰু পোৱালিবোৰ চৰাবলৈ আদেশ দিছে, (জোহন ২১-১৬), অৰ্থাৎ মেষ পালক নিজৰ পৰিবৰ্তে সকলে যিবিলাক তেওঁৰ ওপৰত বিশ্বাস কৰিব এই গতিকে পিতৰক নিযুক্ত কৰিছিলে। সাধু পিতৰ আৰু তেওঁৰ উত্তৰাধিকাৰী ৰোমৰ বিচপ বিলাক অৰ্থাৎ পোপবিলাক খ্ৰীষ্টৰ এই জগতত প্ৰতিনিধি। দৃশ্য ভেটি আৰু দৃশ্য মণ্ডলীৰ মন্তক তেওঁবিলাকহে। আপুনি কয় যে কোনো মানুহ ইমান পবিত্ৰ হব নোৱাৰে যে বহুমূল্য ভেঁটি হব পাৰে, কিন্তু আপুনি পাহৰিব নেলাগে যে ঈশ্বৰৰে পাপিমানুহৰ পৰা এজন ডাঙ্গৰ সাধু কৰিব পাৰে, যেনেকুৱা পৌলক, মাদালীৰীক ইত্যাদি। আৰু আপুনি খ্ৰীষ্টৰ কথা পাহৰিব নেলাগে ষে খ্ৰীষ্ট মণ্ডলীৰ মাজত প্ৰতিদিন জগতৰ শেষলৈকে থাকিব। (মথি ২৮ ১৮-২০) আৰু তেওঁ পাচনি বিলাকৰ ওপৰত আৰু তেওঁবিলাকৰ উত্তৰাধি, কাৰী বিলাকৰ ওপৰত পবিত্ৰাত্মা পঠিয়াবলৈ অঙ্গীকাৰ কৰিছে যে সদাই তেওঁবিলাকৰ লগত থাকি যি সত্যতা শিকাব। (১ জোহন ১৪-১৬) যীচু খ্ৰীষ্টত কেৱল ভাবমুলক বিশ্বাস যথেষ্ট নহয়, যেনেকুৱা আপুনি কয়। যদি আমি যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰে আৰু যদি তেওঁক প্ৰেম কৰে। তেনেহলে আমাৰ উচিত যে আমি তেওঁৰ আজ্ঞা কৰে। (জোহন ১৪২২} আৰু যীচু খ্ৰীষ্টৰ এইটোও আজ্ঞা আছে যে কোনোৱে তোমাক শুনে অৰ্থাৎ পাচনিবিলাকক আৰু তেওঁৰ উত্তৰাধিকাৰীবিলাকক যি মোকহে অনেক বে কোনোৱে তোক তুচ্ছজ্ঞান কৰে সি মোৰহে তুচ্ছজ্ঞান কৰে। (সুক ১০•১৬) যদি কোনোৱে মলীক সুনে তেন্তে সি তোমালৈ পৰজাতি আৰু