পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৪ ) আমি সাধু পৌলৰ পত্ৰত (১ কোৰ• ৩-১১) পাঠ কৰি কি বুজিবলৈ পাওঁ? আমি পিতৰ পৰা বুজিবলৈ পাওঁ যে যীচু খ্ৰীষ্টহে অকল মণ্ডলীৰ ভেটি? যদি তেনেকুৱা হয় তেনেহলে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ লিখিত বাক্যক সাধু মথি ১৬-১৮ আমি বাদ দিব লাগিব। কিন্তু সাধু পৌলৰ লিখিত বাক্যৰ কি সত্য অৰ্থ আছে? আপুনি যদি ভালকৈ ১ কোৰ• ৩ অধ্যায় পাঠ কৰিব তেনেহলে জানিব যে সাধু পৌলে কোৰী বিলাকক লৰাবিলাকৰ নিচিনা শিকাইছে। সিৰিলাক তেতিয়ালৈকে অধিক গভীৰ ৰহস্য বুজিবলৈ অযোগ্য আছিল যি তেওঁৰে পূৰ্ণবিলাকৰ নিমিত্তে শিক্ষা দিছিলে। দেখোক (১ কোৰ• ২-৬) তেওঁৰ আচল শিক্ষা যীচু খ্ৰীষ্টৰ বিষয়হে আছিল, অৰ্থাৎ তেওঁৰ ঈশ্বৰত্বৰ আৰু পৰিত্ৰাণৰ বিষয়ে। তামি কাথলিক বিলাক প্ৰভু যীচু খ্ৰীষ্টৰ বাহিৰে পিতৰক শিল বুলি কেতিয়াও দাবী কৰিব নাৰো কিন্তু শিল আৰু ভেঁটি যীচু খ্ৰীষ্টৰ পিছত। আমি বিশ্বাস কৰে যে যীচু খ্ৰীষ্টহে মগুলীৰ স্থাপিত কৰোতা প্ৰথম শিল তেওঁহে আৰু পিতৰ তেওঁৰ পিছত। যেনেকুৱ। এই ভাৰত বৰ বৰলাট চাব বাহাদুৰ চৰকাৰৰ শিলৰ নিচিনা ৰজাৰ দ্বাৰা স্থাপিত হোৱা নিজৰ দ্বাৰা নহয় তেনেকুৱাই পিতৰ মণ্ডলীৰ শিল আৰু এইয়ে অৰ্থ যেতিয়া পিতৰ আপোন ১ম পত্ৰত ২য় অধ্যায় ৪ পদত লিখিছিলে যে যীচু খ্ৰীষ্টে জীয়া বহুমূল্য শিল ঈশ্বৰৰ দ্বাৰা নিযুক্ত কৰা হৈছে আৰু খ্ৰীস্টান বিলাকেই জীয়া শিল যিবিলাকৰ দ্বাৰা আত্নিক ঘৰ অৰ্থাৎ মণ্ডলী নিম্মান কৰা হৈছে। (১ পিতৰ ২-৫) তেওঁ যিশাইয়া ২৮১ পদত উল্লেখ কৰে দেখা ময় চিয়োত এটা শিল নিৰ্মান কৰিছোঁ, বহুমূল্য ধৰণী শিল আৰু দৃঢ় ভেটি, যি কোনোয়ে তাৰ ওপৰত বিশ্বাস কৰে শলাজুত নহব। হয় যীচু খ্ৰীষ্টতে প্ৰথম আৰু শেষ তেওঁ জগতৰ ব্ৰাণকৰ্তা আৰু আমি কেবল তেওঁৰ ওপৰত বিশ্বাস কৰিলে আমাৰ পৰিত্ৰাণ হব পাৰে। তেওঁৱে সত্য জীবন আৰু পথ। তেওঁৱে আমাৰ জীৱনৰ আৰু বিশ্বাসৰ ভেটি। এইটোকে জগতৰ সকলো কাবলিক বিলাকে বিশ্বাস কৰিছে। কিন্তু এই কথাও স্পষ্ট যে আমাৰ প্ৰকুৱে এই জগতত দৃশ্য মণ্ডলী দাপিত কৰিছে। খ্ৰীষ্টৰ মলী 6. 1