পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 উত্তৰ। ময় বৰ সন্তুষ্ট হৈছো যে আপুনি মণ্ডলীৰ সম্বন্ধে মোক লিখি পঠিয়াইছে কাৰণ কেনেকুৱা সত্যৰ বিষয়ে আমি সনুসন্ধান কৰিলেহে কি সত্য তাক জানিবলৈ পাওঁ। এই বাৰ কাকতত ঠাই নজুৰিব বুলি ময় এতিয়া সাধু পিতৰ আৰু মণ্ডলীৰ স্থাপন কৰা বিষয়ে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিছে। অহা মাহত মই কোনু মণ্ডলী প্ৰথম তাৰ বিষয়ে লিখিম। আপুনি সাধু মথি ১৬-১৮ লিখিত বাক্যৰ পৰা প্ৰমাণৰ নিমিত্তে উল্লেখ কৰিছে যে আমাৰ প্ৰভু যীচু খ্ৰীষ্টে পিতক কৈছিল “ এতিয়াৰ পৰা তোমাৰ নাম পিতৰ অৰ্থাৎ শিল আৰু এই শিলৰ ওপৰত ময় আপোন মণ্ডলী স্থাপন কৰিম মই আশা কৰে আপুনি এই বাকা যে কোৱা হৈছিল সেই পিতৰক কোৰা হৈছিল তাক মঞ্জুৰ কৰিছে নতুবা যি বাক্য তাত আগত বা পিছত লিখা আছে তাৰ কোন অৰ্থ নুবুজায়। প্ৰায় সকলো বুদ্ধিমান এটেষ্টেন্ট লেখকবিলাকে এই কথা স্বীকাৰ কৰে, যেনে আলফোৰ্ড, মফীল্ড, বীল, মান্টেল চীফাৰ্ট ইত্যাদি। টোমচানে স্পষ্টৰূপে কয় পিতৰ শিল আছিল সিহৰ ওপৰত যীচু খ্ৰীষ্টৰ কোৱা নিচিনা তেওঁৰ মণ্ডলী নিৰ্মান কৰা উচিত, এই কথাৰ কোনো 71607 i (inon tesseron 191) আদি খ্ৰীষ্টানবিলাক পিতৰৰ সম্বন্ধে সদাই কৈছিল যে তেওঁৱে মণ্ডলীৰ শিল। তেতুলিয়ান (১৬০-২২১ ) লিখিছিলে ‘পিতৰ যে শিল আছিল তেওঁৰ ওপৰতহে মণ্ডলী নিৰ্মান কৰা হব পাৰে আৰু তেওঁৰ হাতত স্বৰ্গৰ ৰাজ্যৰ চাৰি আছে। Te চিপ্ৰিয়ানে (২০০২৫৮) কৈছিলে পিতৰ যাক যীচু খ্ৰীষ্টে প্ৰথম বুলি নিযুক্ত কৰিছিলে আৰু তেওঁৰ ওপৰত তেওঁৰ মণ্ডলী নিৰ্মান কৰিছিল এই বিশ্বাস সকলো আদি মণ্ডলীৰ মাজত চলিত আছিল আৰু সিবিলাক পিতক শিল বুলি মানিছিল যাৰ ওপৰত খ্ৰীষ্টৰ মণ্ডলী নিৰ্মান কৰা হৈছিল আৰু তেওঁৰ ওপৰত নৰকৰ পুৰাৰে পৰাজয় কৰিব Catri (Epis. 71 ct in Lucan 29.) praes 22.