পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সন্ত যোহন বস্কৰ গোটাচেৰেক উপদেশ (১) পাপ পৰমেশ্বৰৰ আটাইতকৈ ডাঙ্গৰ শত্ৰু। (২) ঈশ্বৰে পাপক ঘিণ কৰে। (৩) ধনী হবৰ ইচ্ছা কৰিলে, দুখীয়া নিচলাক খোলা মনৰে দান কৰিব লাগে। (৪) সৰু লৰা ছোৱালীবিলাক, যীচু আৰু কুমাৰী মাৰীয়াৰ প্ৰিয় পাত্ৰ। (৫) অথবিলাকক ৰক্ষা কৰোতাক ঈশ্বৰে আশিৰ্বাদ কৰে আৰু মৰণৰ সময়ত কুমাৰী মাৰীয়াই ৰক্ষা কৰে। (৬) আমি ইহকালতো ভাল কাম কৰাৰ বাবে পুৰস্কাৰ পাম। (৭) জীৱনৰ ভাল কাম মৰণৰ সুখ। (৮) যিবিলাকে ঈশ্বৰক বিচাৰবলৈ পলম কৰে, তেওঁলোক বিপদত পৰে। (৯) যি আত্মা তৰে, সি নিজকে তৰে। যি আত্মা নষ্ট কৰে, সি নিজৰ সকলো নষ্ট কৰে। (১০) স্বৰ্গত চিৰকাললৈ শান্তি লাভ কৰা হয়।