পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 এই আঁ হাজাৰ হাজাৰ ভাল খ্ৰীষ্টীয়ান লোকে তেওঁ লোকজন। সক ক্ষমা কৰি অসুসৰন কৰিছে। এতিয়া এই গল্পটোশুনা :- অনেক বছৰৰ আগেয়ে ইটালীৰ ফুৰেন্স নামে এখন ধুনীয়া নগৰত জন গোলবাটী নামে এজন মহৎ লোক বাস কৰিছিল। তেওঁৰ এটা অতি চেনেহৰ ভায়েক আছিল। কিন্তু এসময়ত এটা দুষ্ট মানুহে সেই লৰাটোক বধ কৰিলে। তুমি তেওঁৰ ককায়েক জনৰ বেজাৰ অনুভৱ কৰিব পাৰা। তেওঁ সেই মৰণৰ প্ৰতিকাৰ লবলৈ প্ৰতিজ্ঞা কৰিলে। সেই দিন যীশু খ্ৰীষ্টৰ চৰ উপৰত মৰণৰ পবিত্ৰ শুকুৰ বাৰদিন আছিল। জন গোলবাটীয়ে তেওঁৰ চাকৰ ও সৈন্যৰে সৈতে বাটেদি গৈ থাকোতে তেওঁৰ ভায়েকক বধ কৰোতা জনক দেখা পালে। সেই সময়ত তেওঁ ততালিকে খঙত উগ্ৰমূৰ্তি হৈ হাতত এখন চোকা তৰোৱাল লৈ তাক বধ কৰিব গল। বেচেৰায় দেখিলে সি মৰব ও সাৰিবলৈ কোনো উপায় নেদেখি সি জনৰ ভৰিত পৰি সাবটি লৈ চিঞৰি কলে - -“আজি আমাৰ প্ৰভু যীশু খ্ৰীষ্ট আমাৰ নিমিত্তে কুচত মৰিল"""""তেওঁৰ হৈ মোক ক্ষমা 'মোক বচাওক। জনে তাৰ মূৰৰ উপৰলৈ ডাঙ্গা তৰোৱাল খন থমালে ও অলপ পৰ ভাবি তেওঁৰ অস্ত্ৰখান দলিয়াই পেলায়দি সেই শত্ৰুটোক সাবটি চুমা খায় কলে হয় যীশুৰ প্ৰেমতেই ময় তোমাক ক্ষমা কৰিলো। তাৰ পাছত জনে এটা ধৰ্ম্ম মন্দিৰলৈ গৈ যীশু শত মৰা প্ৰতিমূৰ্ত্তিৰ আগত আঠু কাঢ়িলে, তেতিয়াই তেওঁ যীশু কুচত মৰা প্ৰতিমূৰ্তিৰ মুৰ তেওঁৰ ফাললৈ দো খায় অহা ছেখিলে, আৰু চিঞৰি কোৱা এটা মাত শুনিলে-জন এতিয়াহে তুমি মোৰ প্ৰকৃত শিয়।