( ৪ ) তাৰ পাছত যীশুৱে এটা দৃষ্টান্ত দি কলেঃ- এসময়ত এটা বৰ ধনী ও দুষ্ট মানুহ আছিল। সি কেৱল এই পৃথিবীৰ সুখ ও ধন বিচাৰি ফুৰিছিল ও দৰিদ্ৰৰ প্ৰতি বৰ কু-আচৰণ কৰিছিল। এসময়ত এটা কাঙালে তাৰ দুৱাৰ মুখত থিয় হৈ মেজৰ পৰা খোৱা বস্তু খোজাত তাক বঞ্চিত কৰি খেদায় পাঠালে, কালক্ৰমে সেই ধনী ও কাঙাল মৰিল সেই কাঙালৰ আত্ম দূতবিলাকৰ দ্বাৰায় স্বৰ্গলৈ নিয়া হল আৰু ধনীয়ে গোটেই জীবনটো অসৎ উপায়েৰে কটোৱাৰ বাবে তাৰ আত্মাৰ নৰকৰ অনন্ত অগ্নিশিখাত পেলোৱা গল। এদিন যেতিয়া সি অগ্নিশিখাৰ যন্ত্ৰনাত পিয়াহৰ অনুভব কৰি স্বৰ্গৰ ফাললৈ চকু তুলি সেই কাঙালটোক মহা আনন্দেৰে বহিথকা দেখা পায়, কান্দি ৰিঙিয়াই কলে মোৰ বৰ পিয়াহ লাগিছে। মোক অলপ পানী দিয়া যাতে ময় মোৰ এই ভাষণ পিযাহ গুচাব পাৰে। কিন্তু ঈশ্বৰে কলে নহয় নহয় • তুমি গোটেই জীৱনটোত মোক প্ৰেম ও কাঙালক চেনেহ সয় নকৰি ধন ও সুখ বিচাৰিছিল সেই গতিকে তুমি এতিয়া এই অনন্ত জ্বলি থকা অগ্নিশিখাত বাস কৰা। তাৰ পাছত সি আকৌ কবলৈ ধৰিলে , উঃ মোক অলপ সময় দিয়ক; যাতে ময় পৃথিবীলৈ গৈ মোৰ ভাই ভনীক এই ভয়ানক নৰকৰ বিষয়ে বৰ্ণাব পাৰৰ যাতে.তেওঁ লোকে ভাল কাম কৰে আৰু যেন মোৰ অনুগামী নহয়। কিন্তু ঈশ্বৰে কলে --“নহয়, নহয়' •••• সিই লগত মোৰ ধৰ্ম প্ৰচাৰকবিলাক আছে, তেওঁলোকে মোৰ শিক্ষা জানে, যদি সিহতে মোৰ দাসৰ কথা আওকাণ কৰে তোমাৰ কথালৈ ও আওকাণ কৰিব।” প্ৰিয় বন্ধু সকল, যীশুৰ এই দৃষ্টান্ত লৈ এবাৰ ভাবি চোৱা। তুমি ঈশ্বৰৰ ধৰ্মপ্ৰচাৰকৰ কথা শুনিচানে, মিচনাৰীবিলাকে কিমান দূৰদেশৰ পৰা আহি স্বৰ্গ ঢুকি পাবলৈ শিকাইছে? তোমাৰ এতিয়াও ভাবিবলৈ সময় আছে, তুমি যদি সিহঁতক নেমানা বা সিহঁতৰ কথা অবজ্ঞা কৰা জানি যে ঈশ্বৰেও এদিন তোমাৰ কথা মুশুনিব, তেতিয়া তোমাৰ অতি পলম হব। তেতিয়া তুমি কান্দিবা, কিন্তু কোনেও তাৰ উত্তৰ নিদি। সেই সময়ত তুমি বৰ পিপাসিত হবা, কিন্তু তোমাৰ কোনেও পিয়াহ নিবাৰণ নকৰিব; তুমি সেই জ্বলি থকা নৰকত পৰি থাকিবা, ও সেই সময়ত কেকোনেও তোমাক সেই যন্ত্ৰনাৰ পৰা আতৰাৰ নোৱৰিব। এতিয়াও তোমাৰ সময় আছে মন ফিৰোৱা ও আমাৰ যীশু খ্ৰীষ্টকে বিশ্বাস কৰা। “অসমীয়া বন্ধু
পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৪৪
অৱয়ব