অসমীয়াৰ বন্ধু সেপ্টেম্বৰ, ১৯৩৫ ভাগ ২য় 1 বন্ধুৰ বাণী। আমাৰ প্ৰভু কম। যীশু খ্ৰীষ্টৰ পথ প্ৰদৰ্শকৰ বিষয়ে আৰু বেচিকৈ শুনিবলৈ তোমা লোকে মোলৈ লেখিছিলা। বাৰু ময় আজি অতি আনন্দ মনেৰে অলপ সৰহকৈ এতিয়া এই ছাব খনিলৈ চোৱা, তাত দেখিবলৈ পাবা পাচনিবিলাক ও মানুহৰ দলে আমাৰ প্ৰভুৰ বাক্যলৈ একান্ত মনেৰে কাণ দি আছে। তেওঁ সিবিলিকক কি কৈছে? তেও তেওঁৰ হাত ওপৰলৈ তুলি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে উপদেশ দিছে। “তোমালোকে পোন-প্ৰথমে ঈশ্বৰৰ ৰাজ্য বিচাৰ আৰু তেমালোকৰ যি পাবলগিয়া সেই সকলো পাছত দিয়া হব।” যদি এজন মানুহে গোটেই পৃথিবী লাভ কৰি তেওঁৰ আত্মা হেৰুৱাই তেনেহলে কি হব? কি খাম? বা কি পিন্ধিম এই দৰে কৈ চিন্তা নকৰিবা “আকাশৰ চৰায় ও পথাৰৰ ফুল বোৰলৈ চোৱা••••", সেই বোৰে শ্ৰম নকৰে তথাপি সেই বোৰে আহাৰ পাই আছে ও পৃথিবীৰ ৰজাৰ নিচিনা সাজ পাৰেৰে বিভূষিত হৈ আছে কাৰণ ঈশ্বৰে সিবিলাকলৈ চিন্তা কৰি আছে। তুমি যদি ঈশ্বৰক প্ৰেম কৰি তেওঁৰ আজ্ঞাধীন হোৱা নিশ্চয় তেও তোমাৰ নিমিয়ে কিমান চিল কৰিব।
পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৪৩
অৱয়ব